TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ৰাজ্যিক কৃতি শিক্ষক বঁটাৰে বিশ্বনাথ জিলালৈ গৌৰৱ

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ,৪ চেপ্তেম্বৰ: সদ্য ঘোষিত ৰাজ্যিক কৃতি শিক্ষক বঁটা- ২০২২ৰ বাবে বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডৰ হাতীমৰা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিচু ইংতি নিৰ্বাচিত হোৱাতো সমগ্র বিহালী তথা বিশ্বনাথ জিলাবাসী শিক্ষক সমাজলৈ এক গৌৰৱৰ ক্ষণ বুলিব পাৰি। এয়া হ'ল সুদীৰ্ঘ ৩৪ বছৰে প্ৰাথমিক শিক্ষা খণ্ডলৈ আগবঢ়াই যোৱা অক্লান্ত শ্ৰমৰ সন্মান। তেওঁ বিগত ১৯৯১ চনৰ পৰা ২০১২ চনলৈ অকলশৰেই এই বিদ্যালয় খনি ধৰি ৰাখি আজি অঞ্চলটোৰ ভিতৰতে এখনি নামজ্বলা বিদ্যালয় হিচাপে খ্যাতি লভিবলৈ সক্ষম হয়। বিগত ২০১২ চনত টেটৰ মাধ্যমেৰে শিক্ষক নিযুক্তি হোৱাত এই বিদ্যালয়েও তিনিজনকৈ টেট শিক্ষক আৰু প্ৰথম গুণ উৎসৱৰ আগে আগে আন এজন শিক্ষকৰ যোগদানেৰে বৰ্তমানে ৫জন শিক্ষক তথা ২০০ ৰো অধিক ছাত্র ছাত্রীৰে এখনি আটক ধুনীয়া বিদ্যালয় বুলিব পাৰি। বিদ্যালয় খনিয়ে ২০১৭ আৰু ২০১৮ উভয় বৰ্ষতে অনুষ্ঠিত হোৱা গুণ উৎসৱত দুয়োবাৰে A+ সন্মান পাবলৈ সক্ষম হৈছিল। এনে পৰিপ্ৰেক্ষিতত তেওঁৰ সবল নেতৃত্ব, সুস্থ শৈক্ষিক বাতাবৰণ তথা অভিভাবক সকলৰ সৈতে থকা সুসম্পর্কৰ বাবে তেওঁ অঞ্চলটোৰ সকলোৰে এটি যেন চিনাকি নাম। সেয়ে তেওঁ এই শ্ৰমৰ মূল্য হিচাপে লাভ কৰা ৰাজ্যিক কৃতি শিক্ষক বঁটাই বিদ্যালয়ৰ লগতে সমগ্র অঞ্চললৈ সুনাম কঢ়িয়াই আনিলে বুলিব পাৰি।

Post a Comment

0 Comments