TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লখিমপুৰৰ ন আলি-যুগলপুৰত সোৱণশিৰিৰ ভয়ানক খহনীয়া: ঘৰবাৰী এৰিছে নদীপৰীয়াই

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ৪ ছেপ্টেম্বৰ : লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তেলাহী অঞ্চলৰ ন আলি, তেলীয়া পথাৰ,পুৰণা ন আলি, খাৱলু, এঘাৰ মাইল, ন মাইল, ৰণ্টিজান, মুদৈবিল, ঘনচৰাই, তিনিসুঁতি, খগা,যুগলপুৰ আদি বৃহৎ সংখ্যক গাঁৱলৈ চৰম ভাবুকি নমাই আনিছে সোৱণশিৰিৰ ভয়ঙ্কৰ গৰাখহনীয়াই ৷ শেহতীয়াকৈ সোৱণশিৰিৰ ভীমপৰা মথাউৰিৰ ৩৫"কিঃ মিঃ অংশত ব্যাপক খহনীয়াৰ ফলত হাজাৰ হাজাৰ কৃষি ভূমি সোৱণশিৰিৰ বুকুত জাহ গৈছে। সমান্তৰালভাৱে বহুসংখ্যক পৰিয়ালে ঘৰবাৰী ভাঙি নিৰাপদ স্হানলৈ ঢাপলি মেলিছে ৷ উল্লেখ্য যে , বিগত ১৯৯২ চনতেই সোৱণশিৰিৰ খহনীয়াত ভূমিহীন হোৱা শ শ পৰিয়ালে আজিও নাপালে চৰকাৰৰ পৰা পুনঃসংস্হাপনৰ ব্যৱস্থা ৷ সম্প্ৰতি ৭০০ ৰো অধিক পৰিয়াললৈ নদীখনৰ খহনীয়াই কঢ়িয়াইছে তীব্ৰ ভাবুকি। বৰ্তমানে হৈ থকা খহনীয়াৰ ফলত মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই আনিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাত নদী পৰীয়াই বিনিদ্ৰ ৰজনী কটাব লগীয়াত পৰিছে ৷ যিকোনো মুহূৰ্ততে মথাউৰি ভাঙি বিস্তৃীৰ্ণ অঞ্চল বানৰ কৱলত পৰাৰো উপক্ৰম হৈছে। বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনে নীৰৱতা আৰু জনপ্ৰতিনিধিয়ে টুলুঙা মন্তব্য পৰিহাৰ কৰি ৰাজ্যিক এন এচ ইউ আই ৰ সাধাৰণ সম্পাদক বলিন দলেয়ে সময় থাকোতেই বিজ্ঞানসন্মত ভাৱে খহনীয়া প্ৰতিৰোধ কৰাৰ দাবী জনাইছে । লগতে সদৌ লখিমপুৰ জিলা ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ পাঠকেও বিভাগীয় মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে ৷

Post a Comment

0 Comments