TOP NEWS

6/recent/ticker-posts

Header Ads Widget

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কাৰাবন্দীৰ মাজত ড্ৰাগছ বিৰোধী সজাগতা অনুষ্ঠান

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটি, ১৮ জুলাই, ঃ অসমৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ‘ব্যতিক্ৰম মাচডো’ৰ উদ্যোগত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা কাৰাবন্দীৰ মাজত ১৬ জুলাইত ড্ৰাগছ বিৰোধী সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত প্ৰায় ৮০ গৰাকী মহিলা কাৰাবন্দী উপস্থিত থাকে যিসকলৰ ভিতৰত ভালে সংখ্যক কাৰাবন্দী ড্ৰাগছ, সুৰা আদি ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্ত আছিল৷ কাৰাগাৰ কৰ্তৃপক্ষৰ আহ৩ান মৰ্মে ব্যতিক্ৰম মাচডোৰ সভাপতি ড॰ সৌমেন ভাৰতীয়াই এই অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে সঙ্গীত শিল্পী মণীষা হাজৰিকাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ আদৰণি ভাষণ আগবঢ়ায় কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে ব্যতিক্ৰম মাচডোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কয় যে, ‘নিজৰ মনটোক দমন কৰিব নোৱাৰিলে কঠোৰ শাসনেৰে ড্ৰাগছ নাইবা ৰাগিয়াল সামগ্ৰী সমূহ পৰিহাৰ কৰাটো সহজ নহয়, ৰাগিয়াল সামগ্ৰী সমূহৰ প্ৰতি মনৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিব পাৰিলেহে ড্ৰাগছৰ দৰে বৰবিহৰ পৰা মুক্ত কৰিব পৰা যায়’৷ সমাজ সেৱক পৰিমল দেই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত কাৰাধ্যক্ষ কল্যাণ চৌধুৰীদেৱে ড্ৰাগছ বিৰোধী কবিতা আবৃত্তি কৰি ড্ৰাগছৰ বিষয়ে সজাগতা কৰি দিয়ে৷ সংস্কৃতা মালাকাৰ আৰু স্বামিমা বেগমে গীত পৰিৱেশন কৰি কাৰাবন্দী সকলক আমোদ প্ৰদান কৰে৷ কাৰাগাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা এটি সমবেত সংগীত পৰিৱেশন কৰে৷ অনুষ্ঠানত সঙ্গীত চিকিৎসক অনুভূতি কাকতি গোস্বামীয়ে সঙ্গীত চিকিৎসাৰ দ্বাৰা কিদৰে ড্ৰাগছ, সুৰা আদি মাদক দ্ৰব্যৰ পৰা নিজকে বচাব পাৰি তাৰ ওপৰত কিছু প্ৰায়োগিক থেৰাপী প্ৰদান কৰে৷ অনুষ্ঠানত ইমণ সেউজ গোস্বামী, বিধান দাসগুপ্ত, ড॰ কৰবী বেজবৰুৱা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ ব্যতিক্ৰম মাচডোৰ সভাপতি ড॰ সৌমেন ভাৰতীয়াই কাৰাগাৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ ওপৰত বহল ভাৱে মন্তব্য আগবঢ়ায়৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই যোগবিদ হৰিপ্ৰসাদ তালুকদাৰে৷

Post a Comment

0 Comments