ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ১৭ জুলাই : লখিমপুৰ জিলাৰ পশ্চিম তেলাহী অঞ্চলৰ যোৰখাট দাম্বোকীয়াল দঃঞি পঃলঃ কৃষ্টি যুৱক সংঘৰ উদ্যোগত ২০২২ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ দিনৰ ১১ বজাৰ পৰা এ,দি,কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখন আৰম্ভ হয় এটি মিচিং লোকনৃত্যৰে ৷ দঃঞি পঃলঃ কৃষ্টি যুৱক সংঘৰ উপদেষ্টা তথা শিক্ষক বিশ্বনাথ পাদুনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষা আৰু সাংস্কৃতিক সম্পাদক সুশান্ত চিন্তেই ৷ নিৰ্দিষ্ট বক্তাৰ ভাষণত এ,দি,কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক সঞ্জীৱ বৰাই কৃতি ছাত্ৰ-ছাত্ৰী সকল অভিনন্দিত আৰু সম্বৰ্ধিত হোৱাৰ মুহূৰ্তৰ পৰা সমাজৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰিল বুলি উল্লেখ কৰি ভৱিষ্যতে সেৱাৰ মনোভাৱেৰে সমাজৰ বাবে নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায় ৷ সভাত দাম্বোকীয়াল গাঁৱৰ বাসিন্দা কাঁহিদুৱাৰ প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যজ্ঞেশ্বৰ পায়েঙক সম্বৰ্ধনা জনোৱা হয় ৷ ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ তৰুণ টাইদ, হোমেন পাদুন আৰু দীপক পায়েং তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ লাভ কৰা গাঁৱৰ প্ৰথম গৰাকী ছাত্ৰ নীলিম টাইদ, আৰু প্ৰথম বিভাগত উত্তীৰ্ণ পৰী পায়েঙক আনুষ্ঠানিক ভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয় ৷ দঃঞি পঃলঃ কৃষ্টি যুৱক সংঘৰ সভাপতি গিৰীন্দ্ৰ পায়েঙে আঁত ধৰা সভাখনত শিক্ষক জীৱন টাইদ, যজ্ঞেশ্বৰ পায়েং, ডেকা বৰা জন্মিৰাম পাদুন, তিৰি বৰা মাধৱ পায়েং, জনজাতি দঃঞি পঃলঃ ধৰ্ম সুৰক্ষা মঞ্চৰ উপ-সভাপতি ৰাজু পায়েং, সংঘৰ বিষয়ববীয়া জ্যোতি পায়েং, হৰিচন পাদুন আৰু ধৰ্মকান্ত টাইদে ভাষণ দিয়ে ৷ সভাত কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময়ৰ এক অন্তৰংগ অনুষ্ঠানো সম্পন্ন কৰা হয় ৷
0 Comments