বৰপেটা,
১২ জুন : দীৰ্ঘদিনৰ বিৰতিৰ মূৰত অৱশেষত কালিৰে পৰা বৰপেটা ৰোড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
তথা এফ আৰ ইউত প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপ্ৰচাৰ পুণৰ আৰম্ভ হৈছে। জিলা উপায়ুক্ত
তেজ প্ৰসাদ ভূচালৰ বিশেষ তৎপৰতাতে কালিৰে পৰা ইয়াত প্ৰসূতিৰ অস্ত্ৰপ্ৰচাৰ পুণৰ আৰম্ভ
কৰা হয়। কালি নিচুকাৰ অঞ্জুমা খাটুন নামৰ মহিলা এগৰাকীৰ চিজাৰিয়ান পদ্ধতিৰে এটি সুস্থ সবল পুত্ৰ সন্তান
এটি জন্ম দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ অক্টোবৰ মাহৰ শেষৰ ফালে চিকিৎসালয়খনত একেদিনাই
তিনিটা নৱজাতকৰ মৃত্যুৰ পিছৰ পৰা ইয়াৰ লেৱাৰ ৰোমত অস্ত্ৰপ্ৰচাৰ বন্ধ হৈ আছিল। পিছত
বহু প্ৰচেষ্টাৰ অন্তত ইয়াৰ লেবাৰৰুম সম্পূৰ্ণ বীজাণু মুক্ত কৰাৰ পিছত স্বাস্থ্য বিভাগে
অস্ত্ৰপ্ৰচাৰৰ বাবে সেউজ সংকেত দিয়াত আৰু উপায়ুক্ত ভূচালে দিয়া তাগিদাৰ ফলতে কালিৰে
পৰা পুণৰ প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপ্ৰচাৰ ব্যৱস্থা পুণৰ আৰম্ভ কৰা হয়। কালিও উপায়ুক্তই
চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক তাৰ বাবে ধন্যবাদ জ্ঞাপন
কৰে।
0 Comments