বৰপেটা,
১২ জুন: বৰপেটা জিলাৰ
আগন্তুক সাম্ভাব্য বান-দুৰ্যোগৰ প্ৰস্ততিমূলক
আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ
সভা আজি বৰপেটা জিলা
উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা
উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ
সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক দুৰ্যোগ
ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সমন্বয়ক তথা উপ সচিব
ধীৰাজ সাউদো উপস্থিত থাকে। তেওঁ
দুৰ্যোগ ব্যৱস্থাপনাৰ সংশোধিত নতুন নীতি-নিয়ম
সমূহৰ বিষয়ে অবগত কৰি
কয় যে , এইবাৰ কোডিড
নিয়মানুযায়ী বান-পীড়িতৰ আশ্ৰয়
শিবিৰ সমূহ আবাসীৰ বাবে
আহল-বহল হ'ব
লাগিব। প্ৰতিজন
আবাসীৰে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব আৰু
তেওঁলোকক প্ৰতিষেধক প্ৰদানৰো ব্যৱস্থা লব লাগিব।
তেওঁ প্ৰয়োজন সাপেক্ষে হেলিকপ্তাৰেৰে উদ্ধাৰ অভিযান বা
সামগ্ৰী যোগানৰ বাবে ওখ
স্থান চিনাক্তকৰণৰ ওপৰতো গুৰুত্ব দিয়ে।
জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে
জনোৱা মতে ইতিমধ্যে জিলাখনৰ
২৬৩ টা স্থান সাম্ভাব্য
আশ্ৰয় শিবিৰ হিচাপে চিনাক্ত
কৰা হৈছে। ইয়াৰে
বৰপেটা ৰাজহ চক্ৰতে সৰ্বাধিক
৫৩ টা আশ্ৰয় শিবিৰৰ
স্থান চিনাক্ত কৰা হৈছে।
যোৱা বছৰ জিলাখনত ৭৮
টা আশ্ৰয় শিবিৰ স্থাপন
কৰা হৈছিল যদিও কোভিড
নীতি-নিয়ম অনুসৰিয়ে এইবাৰ
আশ্ৰয় শিবিৰৰ বাবে অধিক
গৃহ নিৰ্বাচন কৰি ৰখা হৈছে
বুলি জানিবলৈ দি তেওঁ কয়
যে এই শিবিৰ সমূহ
ছেনিটাইজেচনৰো ব্যৱস্থা কৰা হৈছে। জিলা
তথ্য আৰু জনসংযোগ বিষয়া
বিকাশ শৰ্মাই সাংবাদ মাধ্যমৰ
আগত এই কথা প্ৰকাশ
কৰি কয় যে, আগন্তুক বানপানীৰ পৰা হ'ব
পৰা ক্ষয়-ক্ষতিৰ কাৰ্যকৰী
ভাবে মুখামুখি হোৱাৰ উদ্দেশ্যে ইতিমধ্যে জিলা দুৰ্যোগ ব্যৱস্থাপনা
প্ৰাধিকাৰীৰ উদ্যোগত দুখনকৈ সভা অনুষ্ঠিত
হৈ গৈছে। সেই
অনুসৰি জিলা পৰ্যায়ত দুৰ্যোগ
ব্যৱস্থাপনা সমিতি গঠন কৰাৰ
উপৰিও প্ৰতিটো ৰাজহ চক্ৰতে চক্ৰ
বিষয়াক সভাপতি হিচাপে লৈ
একোখনকৈ সমিতি গঠন কৰা
হৈছে। প্ৰতিটো
আশ্ৰয় শিবিৰতে স্বাস্থ্য কৰ্মীৰ দল নিয়োজিত
কৰা হ'ব বুলিও
তেওঁ জানিবলৈ দিয়ে। সভাত জিলা দুৰ্যোগ
ব্যৱস্থাপনা প্ৰাধিকাৰীৰ জিলা প্ৰকল্প বিষয়া
ড: নন্দিতা দত্ত্ই এক পাৱাৰ
পইন্ট প্ৰেজেন্টেচনৰ দ্বাৰা
জিলাখনৰ বান-দুৰ্যোগৰ প্ৰস্তুতিৰ
এটি চমু আভাষ দাঙি
ধৰে। সভাত
জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা
পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া
মনোজ কুমাৰ ছিকাৰীয়া, অতিৰিক্ত
উপায়ুক্ত নৱজিৎ পাঠক আৰু
লখিমী দত্তৰ উপৰিও সকলো
ৰাজহ চক্ৰৰে চক্ৰ বিষয়া
আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী
বিষয়া সকল উপস্থিত থাকে। সভাৰ
অন্তত দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাজ্যিক প্ৰকল্প সমন্বয় গৰাকীয়ে বহৰিত স্থাপন কৰা
এটা আদৰ্শ আশ্ৰয় শিবিৰ
পৰিদৰ্শন কৰে।
0 Comments