বৰপেটা,
১৫ জুন: কৰোনাৰ বিৰুদ্ধে
চলি থকা সংগ্ৰামত বৰপেটা জিলা প্ৰশাসনক
সহযোগ কৰিবলৈ নিতৌ নতুন
নতুন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি আগবাঢ়ি
আহি আছে। আজি
ভাৰতীয় জীৱন বীমা নিগমৰ
বঙাইগাঁও সংমণ্ডলৰ তৰফৰ পৰা ২০০
পিপিই কীট আৰু ১০০০
এন৯৫ মাস্ক প্ৰদান কৰা
হয়। এল
আই চিৰ জেষ্ঠ
সংমাণ্ডলিক বিষয়া টি এন
ভূটিয়াই এই সামগ্ৰী খিনি
আজি আনুষ্ঠানিকভাৱে জিলা উপায়ুক্ত তেজ
প্ৰসাদ ভূচালৰ হাতত অৰ্পন
কৰে। এই
উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ
সভাকক্ষত আয়োজিত এটি চমু অনুষ্ঠানত
অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা
তথ্য আৰু জনসংযোগ বিষয়া
বিকাশ শৰ্মা, এল
আই চিৰ মাণ্ডলিক কাৰ্যালয়ৰ
প্ৰৱন্ধক (বিক্ৰী) ভৱেশ দাস , বৰপেটা
শাখাৰ প্ৰৱন্ধক প্ৰমুখ্যে বিষয়া সকল উপস্থিত
থাকে। উপায়ুক্ত
তেজ প্ৰসাদ ভূচালে এই
অৰিহণাৰ বাবে ধন্যবাদ জ্ঞাপন
কৰি কয় যে দেশৰ
এই সংকট কালত প্ৰতিজন
ব্যক্তি তথা সংগঠনৰ তৰফৰ
পৰা আগবঢ়োৱা প্ৰতিটো অৰিহণাই অতি মূল্যৱান বিবেচিত
হৈছে। এনে
ধৰণৰ ৰাজহুৱা সহায়-সহযোগৰ বাবেই আমি কোভিড
বিৰোধী যুজখনত ফলবৰ্তী হবলৈ
সক্ষম হৈছো বুলি উপায়ুক্ত
গৰাকীয়ে মতপ্ৰকাশ কৰে। তেওঁ
কয় যে এল আই
চি আমাৰ সকলোৰে পৰিচিত
এটি নাম। এই
অনুষ্ঠানটোৱে আজি বিপদগ্ৰস্থ ৰাইজৰ
কাষত ঠিয় দিয়াটো অতি
আশা ব্যঞ্জক বুলি ভূচালে মন্তব্য
কৰে। এল
আই চি জেষ্ঠ মাণ্ডলিক
প্ৰৱন্ধক ভূটিয়াই জনোৱা মতে, তেওঁলোকে
চিৰাং, ধুবুৰী আৰু কোকৰাঝাৰ
জিলাতো অনুৰূপ ধৰণে সাহায্য
সামগ্ৰী প্ৰদান কৰিছে।
ইয়াৰ পিছতে বৰপেটা ৰোডৰ
বিশিষ্ট ব্যৱসায়ী তথা নিৰ্মল উদ্যোগৰ
স্বত্বাধিকাৰ ৰাধাকৃষণ আগৰৱালাই উপায়ুক্তৰ হাতত ৫০ টা
অ'ক্সিমিটাৰ আৰু ৪৮০০ খন
ফেচ মাস্ক প্ৰদান কৰে।
উল্লেখযোগ্য যে প্ৰসিদ্ধ অনুপম
মিঠাতেল ব্ৰেণ্ডৰ স্বত্বাধিকাৰ
গৰকীয়ে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ
সাহাৰ্য পুজিলৈকো ৫০ হাজাৰ টকাৰ
বৰঙণি আগবঢ়াইছিল। উপায়ূক্তই তেওঁৰ এই
বদান্যতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন
কৰি সকলো সামৰ্থবান ৰাইজকে
আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
0 Comments