TOP NEWS

6/recent/ticker-posts

Header Ads Widget

যোগান বিভাগৰ অভিযানত অবৈধ ভাবে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ

 


বৰপেটা, ১৬ জুন:  ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত  চিলিণ্ডাৰ বিক্ৰী কৰা এটা চক্ৰ আজি বৰপেটাৰ যোগান বিভাগে উৎখাত কৰে বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ  নিৰ্দেশ ক্ৰমে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলে আজি জিলাখনৰ বৰপেটা থানাৰ অন্তৰ্গত পশ্চিম প্ৰান্তৰ ছাপৰা গাঁৱৰ মোকছেদ আলীৰ বাসভৱনৰ সংলগ্ন এটা ঘৰত ৩৫ টা   অবৈধ চিলিণ্ডাৰ জব্দ কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, বিশেষ সূত্ৰৰ পমখেদি চলোৱা এই অভিযানত যোগান বিভাগৰ বিষয়া অজয় আগৰৱালা, আশীষ বৰঠাকুৰ, ৰাজীৱ সিং আৰু মনহৰি বায়নে অংশগ্ৰহণ কৰে  জব্দকৃত চিলিণ্ডাৰ সমূহ প্ৰধান মন্ত্ৰীৰ উজ্বলা আঁচনিৰ হিতাধিকাৰিৰ ৰাজ সাহায্য যুক্ত  বুলি সন্দেহ কৰা হৈছে ইয়াৰে ২২ টা ভাৰত গেছৰ আৰু ১৫ টা ইণ্ডানৰ বুলি জানিব পৰা গৈছে  ঘটনাৰ সংক্ৰান্তত অনুসন্ধান চলি আছে যদিও এই পৰ্যন্ত কাকো আটক কৰা হোৱা নাই জিলাখনত অবৈধ চিলিণ্ডাৰ মজুতকাৰীৰ বিৰুদ্ধে এনে অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ জিলা উপায়ুক্ত যোগান বিভাগক নিৰ্দেশ দিছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে

Post a Comment

0 Comments