বৰপেটা, ১১ মে': বৰপেটা জিলাৰ অৰ্থনৈতিক বিকাশৰ স্বাৰ্থত মিঠাতেল উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগ সমূহক পুনৰুজ্জীবিত কৰাৰ লক্ষ্যৰে জিলা উপায়ুক্তই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । আজি উপায়ুক্তৰ নিৰ্দেশ ক্ৰমে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত সৰ্থেবাৰীৰ বনিয়াকুছিত থকা মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিত থকা ক্ষুদ্ৰ মিঠাতেল উদ্যোগটোৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই উদ্যোগটো পৰিদৰ্শন কৰে । যোগান বিভাগৰ সৰ্থেবাৰী অঞ্চলৰ ক্ষেত্ৰ বিষয়া মনহৰি বায়ন আৰু পৰিদৰ্শক আশীষ বৰঠাকুৰৰ সৈতে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে এই মধ্য সৰুক্ষেত্ৰী সমবায় ৰাইচ এণ্ড অইল মিল নামৰ উদ্যোগটোৰ মিঠাতেলৰ উৎপাদন আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সৰিয়হ ক্ৰয় ব্যবস্থাৰ বুজ লয়। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জিলা খনৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগতে কৃষি বিভাগৰ বিষয়া ক্ৰমে ৰাজীৱ তালুকদাৰ আৰু ভৱেশ পাঠকক উদ্যোগটোৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। তেখেতে অঞ্চলটোৰ কৃষক আৰু যুৱক সকলক সৰিয়হ খেতিৰ প্ৰতি উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । অঞ্চলটোত সৰিয়হ খেতিৰ যথেষ্ট সম্ভাৱনা থকাৰ প্ৰতি লক্ষ্য ৰাখি " হালধীয়া বিপ্লৱ" গঢ়ি তোলাৰ বাবে কৃষি বিভাগক পৰামৰ্শ আগবঢ়ায় । উলেখ্য যে উক্ত উদ্যোগৰ পৰা উৎপাদিত মিঠাতেলৰ বৰ্তমান প্ৰতি লিটাৰৰ খুচুৰা মূল্য হৈছে ৭০ টকা আৰু অঞ্চলটোত উক্ত তেলৰ চাহিদা যথেষ্ট আছে। এনে উদ্যোগ সমূহ শক্তিশালী কৰিব পৰিলে মিঠাতেলৰ মূল্য নিয়ন্ত্ৰিত কৰি ৰাখিব পৰা যাব আৰু স্বনিয়োজনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব বুলি উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আশা প্ৰকাশ কৰিছে । সেয়ে তেওঁ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ যোগান বিভাগক নিৰ্দেশ দিছে আৰু অনতি পলমে এখন প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। জিলা প্ৰশাসনৰ এনে প্ৰচেষ্টাৰ ৰাইজে শলাগ লৈছে । উল্লেখযোগ্য যে বৰপেটা জিলাত সৰিয়হৰ খেতি প্ৰচুৰ পৰিমাণে হয় বাবে ইয়াত এনে উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছে।
0 Comments