TOP NEWS

6/recent/ticker-posts

Header Ads Widget

পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত টিউটৰৰ প্ৰতিবাদী সভা: শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ,৪ চেপ্তেম্বৰ: লখিমপুৰ জিলা উচ্চতৰ মাধ্যমিক টিউটৰ সন্থাৰ আহ্বানক্ৰমে শনিবাৰে নাওবৈচাৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লখিমপুৰ জিলাৰ টিউটৰসকলৰ এখন প্ৰতিবাদী সভা অনুস্থিত হৈ যায়। লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাইস্কুল, উচ্চতৰ মাধ্যমিক স্কুল আৰু চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শতাধিক টিউটৰৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে লখিমপুৰ জিলা টিউটৰ সন্থাৰ সভাপতি হেমন্ত শইকীয়াই আৰু উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক তপন দত্তই। সভাত টিউটৰসকলে ক্ষোভেৰে প্ৰকাশ কৰে যে, অসম চৰকাৰে ২০২১ চনত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰোঁতে 'টিউটৰ' নামৰ এক শ্ৰেণীৰ শিক্ষকৰ সৃষ্টি কৰি যৎসামান্য নিৰ্ধাৰিত পাৰিতোষিক দি শিক্ষক সমাজক চবম অপমান কৰিছে । অথচ ২০১৩ চনত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰোঁতে সকলো শিক্ষককে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল । সেইদৰে কন্ট্ৰেকচুৱেল শিক্ষক আৰু অনুকম্পামূলক নিযুক্তিৰ শিক্ষকসকলোকো চবকাৰে 'শিক্ষক'ৰ মৰ্যদা দিছে । অথচ যথোপযুক্ত যোগ্যতা থকা স্বত্বেও 'টিউটৰ' নামধাৰী শিক্ষকসকলক এনৰেগা আঁচনিৰ শ্ৰমিকতকৈও কম পৰিমাণৰ মজুৰি দি চৰকাৰে মানৱ অধিকাৰ উলঙ্ঘা কৰিছে। ইপিনে, চৰকাৰে টিউটৰসকলক জোৰ-জুলুমকৈ এন চি ই আৰ টিৰ দোহাই দি অযুক্তিকৰভাৱে অৰ্হতা ল'বলৈ নিৰ্দেশ দিছে । সেয়ে শনিবাৰৰ প্ৰতিবাদী সভাই অহা ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত লয় আৰু চৰকাৰে অতি শীঘ্ৰে টিউটৰ পদব বিলুপ্তি ঘটাই টিউটৰসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিবলৈ চৰকাৰক দাবী জনায়। আনহাতে জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰপৰা মহাবিদ্যালয়পৰ্যন্ত সকলো স্তৰৰ শিক্ষানুষ্ঠানৰ টিউটৰসকলক সামৰি পৰৱৰ্তী সময়ত এখন জিলা পৰ্যায়ৰ ঐক্য মঞ্চ গঠনৰ বাবে সভাত এখন আহ্বায়ক সমিতি গঠন কৰা হয় আৰু চবকাৰে টিউটৰসকলক শিক্ষকৰ মৰ্যদা প্ৰদান নকৰা পৰ্যন্ত ঐক্য মঞ্চই চৰকাৰৰ বিৰুদ্ধে তীব্ৰভাৱে ধাৰাবাহিক আন্দোলন চলাই যাব বুলি সভাই মতপোষণ কৰে।

Post a Comment

0 Comments