TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চমাৰ দলনিত গাঁৱৰ যুৱকে মিলি মেৰামতি কৰিলে পথ

ষ্টাফ ৰিপৰ্টাৰ, চতিয়া, ছেপ্টেম্বৰ ৩: চৰকাৰী সাহাৰ্য লৈ বাট নাচাই, চমাৰ দলনিৰ ডাইনেমিক ক্লাবৰ সদস্যসকলে নিজেই হাতত কোৰ, পাঁচি লৈ আজি ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা মেৰামতি কৰিলে লক্ষ্মী প্ৰসাদ পোখ্ৰেল গ্ৰাম্য পথ। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনৰ লগত সংগতি ৰাখি স্থানীয় ডাইনেমিক ক্লাবে দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা এই গ্ৰাম্য পথটো মেৰামতি কৰে। উল্লেখযোগ্য যে চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ এলেকাধীন এই পথচোৱা মেৰামতিৰ অভাৱত যাতায়তৰ বাবে অনুপযুক্ত হৈ উঠে। সামান্য এজাক বৰষুণত এই পথচোৱা কদৰ্যময় হৈ পৰে। গাঁৱৰ সচেতন লোকে যুৱকসকলৰ এই সয়মোচিত প্ৰচেষ্টাৰ শলাগ লৈছে।

Post a Comment

0 Comments