TOP NEWS

6/recent/ticker-posts

Header Ads Widget

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘পৰমানন্দ চৌধুৰী স্মাৰক প্ৰেক্ষাগৃহ’

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৫ ছেপ্টেম্বৰ: ৰাজ্যৰ ন্যায়িক ক্ষেত্ৰখনক মহীয়ান কৰা প্ৰবাদপ্ৰতীম অধিবক্তা প্ৰয়াত পৰমানন্দ চৌধুৰীৰ স্মৃতিত নিৰ্মিত সদৌ অসম উকিল সন্থাৰ ‘পৰমানন্দ চৌধুৰী স্মাৰক প্ৰেক্ষাগৃহ’ আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোতে ১৯২১ চনত জন্মগ্ৰহণ কৰা প্ৰয়াত চৌধুৰীৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰে৷ উল্লেখ্য যে এই প্ৰেক্ষাগৃহটো তেওঁৰ পুত্ৰ কমল নয়ন চৌধুৰীয়ে পিতৃৰ স্মৃতিত সমৰ্পিত কৰিছে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সদৌ অসম উকিল সন্থাৰ প্ৰতিষ্ঠাপক সদস্য তথা এই সন্থাক এক গতিশীল ৰূপ প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা পৰমানন্দ চৌধুৰীয়ে ৰাজ্যৰ ন্যায়িক ক্ষেত্ৰখনত এক উচ্ছ আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে৷ স্বাধীনতা সংগ্ৰামী হিচাপে তেখেতে আগবঢ়োৱা বৰঙনিৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জাতীয় সমস্যা, জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে সাহসেৰে, উৎসৰ্গিত মনোভাৱেৰে আগবাঢ়ি আহি প্ৰয়াত চৌধুৰীয়ে যি নিদৰ্শন দেখুৱাই গৈছে সেয়া সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ ৰ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কেৱল আদালত আৰু অধিবক্তাৰ মাজতে নিজকে সীমাবদ্ধ কৰি নাৰাখি সদৌ অসম উকীল সন্থাই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কল্যাণৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে৷ সন্থাই বিনামূলীয়া আইন সাহায্য প্ৰদান কৰি দুখীয়া জনসাধাৰণৰ প্ৰতিও দায়বদ্ধতা প্ৰকাশ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যুৱপ্ৰজন্মৰ অধিবক্তাসকলক আইনী জ্ঞান প্ৰদান কৰাৰ দিশত আলোচনা চক্ৰ, দক্ষতা বৃদ্ধিৰ লেখীয়া কাৰ্যসূচী গ্ৰহণ কৰাতো প্ৰশংসনীয়৷ তেওঁ সদৌ অসম উকিল সন্থাৰ পদক্ষেপসমূহে অধিবক্তাসকলক অধিক দায়বদ্ধ কৰি তুলিছে আৰু ন্যায়িক ব্যৱস্থাটোক অধিক জনমুখী কৰাত সহায় কৰিছে বুলিও কয়৷ এই ক্ষেত্ৰত ন্যায় প্ৰত্যাশী নাগৰিকে যাতে ন্যায় প্ৰদানৰ বিধি-ব্যৱস্থাৰ সৈতে সুপৰিচিত হয় সেই দায়িত্ব অধিবক্তাসকলক সুচাৰুৰূপে পালন কৰিবলৈ তেওঁ আহ৩ান জনায়৷ অধিৱক্তাসকলে জীৱনৰ শেষ সময়ত যাতে সামাজিক সুৰক্ষা পাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অধিৱক্তাসকলক বেমাৰ-আজাৰৰ সময়ত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ পৰা সদৌ অসম উকিল সন্থাৰ ন্যাসৰক্ষী মণ্ডলীক ১০ কোটি টকাৰ এটি কৰ্পাছ পুঁজি আগবঢ়াব আৰু এই পুঁজিৰ সুদেৰে তেওঁলোকে চিকিৎসা ব্যয় লাভ কৰি সামাজিক সুৰক্ষা লাভৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ উঠিব৷ তদুপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে সূচনা কৰা ‘আয়ুষ্মান ভাৰত’ৰ দৰে ৰাজ্য চৰকাৰেও ‘আয়ুষ্মান অসম’ৰ জৰিয়তে বছৰি প্ত লাখ টকাৰ ‘সৰ্বজনীন বীমা আঁচনি’ৰ আৰম্ভ কৰাৰ বাবে চিন্ত-চৰ্চা কৰি আছে বুলি উল্লেখ কৰি এই আচঁনিৰ অধীনত অধিৱক্তাসকলকো সামৰি লোৱা হ’ব বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ আৰ এম চ্ছায়া, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটেশ্বৰ সিং প্ৰমুখ্যে ন্যায়াধীশ সকল, আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সদৌ অসম উকিল সন্থাৰ সভাপতি ডেভিদ লেজাৰ, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, প্ৰয়াত পৰমানন্দ চৌধুৰীৰ সন্তান কমল নয়ন চৌধুৰী আৰু তেখেতৰ পৰিয়ালবৰ্গ, সদৌ অসম উকিল সন্থাৰ বিষয়ববীয়া তথা অধিবক্তাসকল আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Post a Comment

0 Comments