TOP NEWS

6/recent/ticker-posts

Header Ads Widget

প্ৰদীপ দত্ত ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ২১ আগষ্ট: বৰাকৰ বিতৰ্কিত বঙালী সাম্প্ৰদায়িক নেতা প্ৰদীপ দত্ত ৰয়ে শেহতীয়া ভাৱে কৰা অসম বিদ্বেষী মন্ত্যবত কঠোৰ ভাষাৰে গৰিহণা দিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কোচ-ৰাজবংশী সংগ্ৰাম সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই উল্লেখ কৰে যে, বিভাজনকামী, সাম্প্ৰদায়িক আৰু ভাতৃঘাতী সংঘাত সূচনা কৰিব পৰা প্ৰৰোচনামোলক বক্তব্য দিয়া প্ৰদীপ দত্ত ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। বৰাকৰ সাম্প্ৰদায়িক বঙালী সম্প্ৰসাৰণবাদী তথা সন্দেহযুক্ত বাংলাদেশীৰ নেতা প্ৰদীপ দত্ত ৰয়ে কৰা মন্তব্য অসম বিদ্বেষী আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি কৰা কুঠাৰঘাট। উল্লেখ্য যে দুদিনমান পূৱে বৰাকৰ বিতৰ্কিত বঙালী সম্প্ৰসাৰণবাদী ব্যক্তি প্ৰদীপ দত্ত ৰয়ে অসমত পুনৰ 'কা' আন্দোলন আৰম্ভ হলে অসমক তিনি ভাগত বিভক্ত কৰা হ'ব বুলি কৈ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বড়ো আৰু কাৰ্বি জনজাতিক অসমৰ পৰা পৃথক কৰাৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। বিজ্ঞপ্তিখনত কোচ-ৰাজবংশী নেতা, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই কয় যে সন্দেহযুক্ত বাংলাদেশী প্ৰদীপ দত্ত ৰয়ৰ দৰে বঙালী সম্প্ৰসাৰণবাদী নেতাই সিংহভাগ সময় বৰাকত নিৰৱে থাকি অসমৰ জাতীয় জীৱনত মাত মতাৰ কোনো প্ৰয়োজন নাই। অসমৰ ভূমিপুত্ৰ বড়ো আৰু কাৰ্বি জনগোষ্ঠী দুটা অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ। প্ৰদীপ দত্ত ৰয়ৰ দৰে ব্যক্তিৰ প্ৰৰোচনামূলক বক্তব্যত বড়ো আৰু কাৰ্বি জাতি নিশ্চিতভাৱেই কেতিয়াও ভোল নাযায়। প্ৰদীপ দত্ত ৰয়ে অসমক তিনিভাগ কৰাৰ সপোন কেতিয়াও বাস্তৱ নহয়। প্ৰদীপ দত্তৰ দৰে সন্দেহজনক বাংলাদেশী ব্যক্তিয়ে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বিছৰা কোনো শক্তিক অসমবাসীয়ে কোনোকালে ক্ষমা নকৰে। স্বভিমানী, জাতীয়তাবাদী অসমবাসীয়ে সাম্প্ৰদায়িক, অসাংবিধানিক আৰু অসমীয়া জাতি ধংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' ৰ বিৰোধিতা কৰি প্ৰতিবাদী আন্দোলন চলাই গৈছে আৰু অনাগত সময়তো 'কা' বাতিল নোহোৱা পৰ্যন্ত ইয়াৰ বিৰোধিতা কৰি যাব। প্ৰদীপ দত্তৰ দৰে সন্দেহজনক বাংলাদেশীয়ে কিছুদিন ৰহস্যজনভাৱে নিৰৱে থাকি সুবিধা বুজি এতিয়া নিজৰ অস্তিত্ব ঘোষণা কৰিছে বুলি উল্লেখ কৰে। ইফালে প্ৰদীপ দত্ত ৰয়ে কৰা বিতৰ্কিত মন্তব্যৰ পিছতো অসম চৰকাৰ আৰু অসম আৰক্ষীৰ ভূমিকাতো অসন্তুষ্টি প্ৰকাশ কৰে। যি সময়ত সামাজিক মাধ্যমত সাধাৰণ কমেণ্ট, কবিতা লিখাৰ বাবেই অসম চৰকাৰ, অসম আৰক্ষীয়ে বিভিন্ন ব্যক্তি আনকি ছাত্ৰ-ছাত্ৰীকো ৰেহেই নিদি গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। সেই সময়ত প্ৰদীপ দত্ত ৰয়ৰ দৰে বিতৰ্কিত ব্যক্তিয়ে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা, অসমত ভাতৃঘাতী সংঘৰ্ষৰ প্ৰৰোচনা কৰা, অসম বিৰোধী আৰু অসমীয়া জাতি বিৰোধী বক্তব্য দিয়াৰ পিছতো মুকলি আকাশৰ তলত থাকিব পাৰে। জাতি, মাতি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাগজৰী হাতত লোৱা ৰাজ্য চৰকাৰ খনৰ উক্ত ভূমিকা অসমীয়া জাতিৰ বাবে নিশ্চিতভাৱেই দুৰ্ভাগ্যজনক। চৰকাৰৰ নিৰৱ ভূমিকাই বহু বিতৰ্কিত বঙালী সম্প্ৰসাৰণবাদী ব্যক্তি প্ৰদীপ দত্ত ৰয়ৰ সতে যে চৰকাৰৰ গোপন বুজাপৰা আছে সেইকথাহে ষ্পষ্ট হৈ পৰে। প্ৰকৃতাৰ্থত যদি ৰাজ্য চৰকাৰৰ প্ৰদীপ দত্ত ৰয়ৰ সৈতে কোনো সম্পৰ্ক বা বুজাবুজি নাই তেন্তে অনতি পলমে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি অসমক বিভাজন কৰিব বিছৰা, অসমত ভাতৃঘাতী সংঘৰ্ষৰ প্ৰৰোচনামূলক মন্তব্য দি অহা প্ৰদীপ দত্ত ৰয়ক অনতি পলমে গ্ৰেপ্তাৰ কৰি দৃষ্টন্তমূলক শাস্তি দিয়ক।

Post a Comment

0 Comments