TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লাচিতৰ বীৰ গাঁথা পাঠ্যক্ৰমৰ অন্তভুৰ্ক্ত কৰিবলৈ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ড॰ শৰ্মাৰ পত্ৰ

গুৱাহাটী,ষ্টাফ ৰিপৰ্টাৰ,৪ আগষ্ট ঃ মহাবীৰ লাচিত বৰফুকনৰ মহাপৰাক্ৰম তথা শৰাইঘাটৰ যুদ্ধত মোগলৰ আগ্ৰাসনৰ বিৰুদ্ধে লাচিত বৰফুকনৰ নেতৃত্বত ঐতিহাসিক বিজয়ে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়ৰ ধাৰা বহন কৰিছে৷ ২০২২ চনটো মহাবীৰ লাচিতৰ জন্মজয়ন্তীৰ ৪০০ তম‌ বৰ্ষ৷ ইতিহাসৰ এই স্বৰ্ণিল অধ্যায়ৰ বিষয়ে দেশবাসীক অধিক সজাগ-সচেতন কৰাৰ আহ৩ানেৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰখনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দেশৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক মহাবীৰ লাচিতৰ শৌৰ্য-বীৰ্য, স্বদেশপ্ৰেম তথা অসমৰ ইতিহাসৰ এই গৌৰৱময় অধ্যায়ৰ বিষয়ে অৱগত কৰাৰ স্বাৰ্থত বিভিন্ন ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ এই গৌৰৱ গাঁথা সন্নিৱিষ্ট কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছে৷ উল্লেখ্য যে ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে অসুস্থ দেহাৰেও সন্মুখৰ পৰা নেতৃত্ব দি মোগলৰ বিশাল বাহিনীক পৰাভূত কৰিছিল৷ মহাবীৰ লাচিতৰ এনে অতুলনীয় বিক্ৰম আৰু নেতৃত্বৰ বাবেই মোগলৰ আগ্ৰাসনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি, পৰিচয় আৰু স্বকীয়তা অক্ষুণ্ণ থাকিল৷ মুখ্যমন্ত্ৰীয়ে পত্ৰখনত কয় যে মহাবীৰ লাচিতৰ এই দেশপ্ৰেম আৰু জন্মভূমিৰ প্ৰতি আত্মোৎসৰ্গৰ মনোভাৱ দেশৰ নৱ প্ৰজন্মক উদ্বুদ্ধ কৰাৰ বাবে এক অনন্য অনুপ্ৰেৰণাৰ উৎস৷ কিন্তু দেশৰ অন্যান্য অংশত আন বীৰসকলৰ তুলনাত লাচিত বৰফুকনৰ বিষয়ে জনসাধাৰণ তুলনামূলকভাৱে কমকৈ অৱগত৷ এনে প্ৰেক্ষাপটত লাচিত বৰফুকনৰ ৪০০ তম‌ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁৰ বিষয়ে দেশবাসীক বিতংভাৱে অৱগত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনাইছে৷ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথাৰ অন্তভুৰ্ক্তিৰ এনে পদক্ষেপৰ জৰিয়তে দেশৰ অন্যান্য ৰাজ্যসমূহে নৱ প্ৰজন্মক দেশপ্ৰেমৰ ভাৱনাৰে অনুপ্ৰাণিত কৰাৰ লগতে তেওঁলোকক উৎসৰ্গিত মনোভাৱেৰে দেশসেৱাত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা যোগাব বুলি ড॰ শৰ্মাই আশা প্ৰকাশ কৰে৷

Post a Comment

0 Comments