TOP NEWS

6/recent/ticker-posts

Header Ads Widget

কৃষিৰ গুণগত উন্নয়ন সাধনৰ বাবে কৃষি আয়োগক কৃষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,ষ্টাফ ৰিপৰ্টাৰ,৪ আগষ্ট ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি অসম কৃষি আয়োগৰ সৈতে এক বৈঠকত মিলিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষি সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে আয়োগক সমগ্ৰ ৰাজ্যখনৰ কৃষি গোটসমূহ ব্যাপকভাৱে পৰিদৰ্শন কৰাৰ উপৰি প্ৰগতিশীল কৃষকসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকৰ সমস্যাসমূহ বুজ ল’বলৈ যথোচিত পদক্ষেপ ল’বলৈ কয়৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে আয়োগৰ সদস্যসকলক ক্ষেত্ৰ ভিত্তিক ভ্ৰমণৰ উপৰি আয়োগৰ পৰামৰ্শ আৰু পৰ্যবেক্ষণসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বছৰি কমেও দুবাৰকৈ পৰ্যালোচনা কৰিবলৈ আহ৩ান জনায়৷ তেওঁ কয় যে ইয়ে কৃষিখণ্ডৰ গুণগত আৰু পৰিমাণগত উন্নয়ন সাধনত ইতিবাচক প্ৰভাৱ পেলাব৷ তেওঁ আয়োগক জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত ৰাজ্যৰ কৃষকসকলৰ সামৰ্থ বৃদ্ধিৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ১৫ানিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ যথোচিত পৰামৰ্শ আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ বীজৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আয়োগক কৃষি পদ্ধতিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে উপযুক্ত বৈজ্ঞানিক পদ্ধতি সম্পৰ্কত পৰামৰ্শ আগবঢ়াবলৈও কয়৷ তেওঁ আয়োগক কৃষি উৎপাদন বৃদ্ধিৰ বাবে বৰ্তমানৰ বীজৰ ঠাইত ভাল আৰু নতুন জাতৰ উচ্ছ উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈও কয়৷ জলবায়ু আৰু কৃষিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা বিবেচনা কৰি মুখ্যমন্ত্ৰীয়ে বানপানী, খৰাং আৰু জলবায়ু সম্পৰ্কীয় অন্যান্য দিশসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এই খণ্ডটোৰ সক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আয়োগৰ পৰা পৰামৰ্শ বিচাৰে৷ আজিৰ এই বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, অসম কৃষি আয়োগৰ অধ্যক্ষ ড॰ এইছ এছ গুপ্তা আৰু ইয়াৰ সদস্যসকল, কৃষি বিভাগৰ অতিৰিক্ত মুখ্যসচিব আশিস ভূটানী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বিত্ত, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

Post a Comment

0 Comments