
ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ,১৩ জুলাই: অসম কৃৰ্ষি বিশ্ববিদ্যালয়ৰ অন্তগত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু ইন্ড্' গ্লৱেল চছিয়েল চাভিছ চছায়টী, লখিমপুৰ শাখাৰ উদ্যোগত, জিলা পশুপালন ও পশু চিকিৎসা বিভাগ, লখিমপুৰৰ সহযোগত আৰু এইচ ডি এফ চি বেংকৰ আৰ্থিক অনুদানত আজি লখিমপুৰ জিলাৰ বানবিধস্ত পূৱ ছাগলীকতা আৰু ঘাগৰমুখ কলাখোৱা অঞ্চলত দুটা বিনামূলীয়া পশুধনৰ চিকিৎসা শিৱিৰ অনুস্থিত হয়। পশু চিকিৎসকৰ দলটোৱে সৰ্বমুঠ ৫৫৬ টা গৰু, মহ, ছাগলী, গাহৰিৰ লগতে কুকুৰাৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আগবঢ়ায়। ইয়াৰোপৰি দুয়োটা শিৱিৰত কৃষকসকলক বানপানীৰ সময়ত পশু- পক্ষীৰ প্ৰতি লব লগা বিভিন্ন ৰোগ প্ৰতিৰোধৰ যতন সম্পকে অৱগত কৰে।পশুধনৰ চিকিৎসাৰ লগতে বিনামূলীয়াকৈ কৃষক ৰাইজৰ সুবিধাৰ্থে পশুধনৰ ভিটামিন, মিনাৰেল মিক্সাৰ, পেলুৰ দৰব আৰু বিভিন্ন ধৰণৰ ঔষধো বিতৰণ কৰা হয়। উক্ত শিৱিৰত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ কল্যাণ উপ সঞ্চালক ড° সঞ্জীৱ খাৰঘৰীয়াৰ লগতে ড° জিতেন ৰাজখোৱা, ডা: কন্দৰ্প বৰুৱা,ডাঃ কৰুণা শইকীয়া, ড° মৃদুপ্ৰৱন বৈশ্য, ড° হেংগুলী পাঠক, ডা: দ্বীপজ্যোতি মহন্ত, ডা: সম্পুৰ্ণ নন্দ যাদৱ, লগতে আই জি এচ এচ এচ-ৰ লখিমপুৰ শাখাৰ সহকাৰী পৰিচালক ধৰণী পায়েং আৰু তেেওঁৰ কৰ্মচাৰী মন্টু দত্ত আৰু হৰি বড়োৱেও অংশগ্ৰহন কৰে। লখিমপুৰ খণ্ড পশু চিকিৎসক ডা: কবিতা চাবুকধৰাও উক্ত শিৱিৰত উপস্থিত থাকে।মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ- ছাত্ৰী সকলেও পশুধন চিকিৎসা শিৱিৰত অংশগ্ৰহন কৰি ৰাইজৰ সেৱা আগবঢ়ায়।
0 Comments