TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বৰপেটা চহৰৰ বান পৰিস্থিতিৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই

ষ্টাফ ৰিপ'ৰ্টাৰ, বৰপেটা, ১৯ জুন: ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বৰপেটালৈ আহি চহৰখনত হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ বুজ লয়। সামাজিক ন্যায় তথা সবলীকৰণ আৰু জনসংযোগ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে আজি দিনৰ ২ মান বজাত আহি পোনে পোনে বৰপেটা সত্ৰলৈ গৈ তাৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে যোৱা নিশা দক্ষিণহাটীত হৰিজানাৰ মথাউৰী ভাঙি পানী সোমাই পৰাত কীৰ্তন ঘৰৰ চৌহদৰ লগতে সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। ইয়াৰ খবৰ পায়ে আজি চিৰাং আৰু বাক্সা জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অহা মন্ত্ৰী গৰাকীয়ে বৰপেটালৈ আহি সত্ৰৰ দালানত উঠি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, যিকোনো উপায়ে ঐতিহ্য মণ্ডিত বৰপেটা কীৰ্তন ঘৰৰ সুৰক্ষাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ'ব। হৰিজান সুতিটোৰ পুৰুজ্জীৱিতকৰণৰ প্ৰক্ৰিয়াত ক'ৰবাত যদি কিবা ভুল-ভ্ৰান্তি হৈছে সেয়া পৰ্যালোচনা কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে। মন্ত্ৰী গৰাকীয়ে কয় যে, এই সময়ত আমি উদ্ধাৰ আৰু সাহায্য অভিযানৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগিব। আঁচনি সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত যদি কিবা আসোৱাহ আছে সেয়া নিশ্চয়কৈ পৰবৰ্তী পৰ্যায়ত পৰ্যালোচনা কৰি ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল আৰু জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা পুলক চৌধুৰীয়েও হাজৰীকাক সঙ্গ দিয়ে।‌ ইফালে বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও কালিৰে পৰা জিলাৰ আৱৰ্ত্ত ভৱনত বাহৰ পাতি লৈ জিলাখনৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানৰো তদাৰক কৰিছে।

Post a Comment

0 Comments