TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বৰপেটাত ৰাষ্ট্ৰীয় গ্ৰন্থগাৰিক দিৱস উদযাপন

 


বৰপেটা, ১২ আগষ্ট : এটা ব্যক্তিগত পুথিভৰালে যিদৰে এখন ঘৰ বা এজন ব্যক্তিৰ ভাৱমূৰ্তি প্ৰতিফলিত কৰে, তেনেদৰে এখন সমাজৰ পুথিভঁৰালেও এখন সমাজৰ স্বৰূপ প্ৰতিফলিত কৰে। আজি বৰপেটা টাউন হাইস্কুলত আয়োজন কৰা ৰাষ্ট্ৰীয় গ্ৰন্থগাৰিক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই দৰে কয়। তেওঁ কয় যে, গ্ৰন্থ‌ই যুগ যুগ ধৰি মানৱ সভ্যতাক সমৃদ্ধ কৰি আহিছে আৰু কৰি থাকিব। ইন্টাৰনেটৰ জনপ্ৰিয়তাৰ মাজতো গ্ৰন্থৰ প্ৰাসঙ্গিকতা কেতিয়াও শেষ নহয় বুলি তেওঁ মন্তব্য কৰে। বৰপেটা শিক্ষাখণ্ডৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত তথা জিলা সমগ্ৰ শিক্ষা অভিযানৰ সমন্বয়ক লখিমী দত্ত‌ই গ্ৰন্থগাৰিক দিৱসৰ তাৎপৰ্য সুন্দৰভাৱে ব্যাখ্যা কৰি কয় যে, আমাৰ সত্ৰ সমুহ গুৰুজনাৰ সময়তে একো একোটা পুথিভঁৰাল ৰূপেও গঢ়ি তোলা হৈছিল। সেই ঐতিহ্য অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলো বয়সৰ লোকক গ্ৰন্থ অধ্যয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আমাৰ সমাজত সম্প্ৰতি পুথিভঁৰালেই আটাইতকৈ অৱহেলিত আৰু অনাদৃত অনুষ্ঠানত পৰিণত হৈছে বুলি খেদ প্ৰকাশ কৰে। তেওঁ কয় যে, যিখন সমাজত পুথিভঁৰালৰ গুৰুত্ব নাই সেইখন সমাজৰ কোনো ভৱিষ্যত নাই। টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজিবুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উপ-সভাপতি লুৎফুৰ ৰহমান আৰু প্ৰধান শিক্ষক হুমায়ুন কবিৰ ছিদ্দিকী, সৰ্বশিক্ষাৰ আঁচনি বিষয়া ৰঞ্জন দাস আৰু নিৰঞ্জন ওজা আদিও উপস্থিত থাকে। সভাৰ আৰম্ভণীতে উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয় খনৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হৰ্ষজিৎ দাসে। তাৰ আগতে জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত আৰু জনসংযোগ বিষয়াই বিদ্যালয়খনৰ চৌহদত একোটিকৈ গছপুলি ৰূপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিদ্যালয়খনত থকা পুথিভঁৰালত উপায়ুক্তৰ দ্বাৰা বন্তি প্ৰজ্বলনো কৰা হয়।

Post a Comment

0 Comments