TOP NEWS

6/recent/ticker-posts

Header Ads Widget

শ্বিলঙত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ

 


দিছপুৰ, ২৪ জুলাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ শ্বিলঙৰ উমিয়ামস্থিত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ  [এনইএছএচি] চাইটিৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে৷  বৈঠকত বান নিয়ন্ত্ৰণ, আদ্ৰৰ্ভূমি ব্যৱস্থাপনা, অঞ্চলটোত বনাঞ্চল সংৰক্ষণ আদিৰ বাবে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হয়৷ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এনইএছএচি আৰু ভাৰতীয় মহাকাশ গাৱেষণা সংস্থাই অসমত বানপানীৰ এক যুটীয়া অধ্যয়ন চলাই ৫০০০ বৰ্গ কিলোমিটাৰৰো অধিক মাটিকালিৰ আদ্ৰৰ্ভূমি চিনাক্ত কৰিছে৷ ৰাজ্যখনৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বাৰিষাকালত ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত পানী বোৱাই নিয়াৰ কামত এই আদ্ৰৰ্ভূমি ব্যৱহাৰ কৰিব পৰা যায় বুলি মুখ্যমন্ত্ৰীয়ে কয়৷                 মুখ্যমন্ত্ৰীয়ে জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় জল আয়োগ আৰু ৰাজ্যখনৰ জলসম্পদ বিভাগক অন্তৰ্ভুক্ত কৰি বান নিয়ন্ত্ৰণৰ বাবে এটা পৰীক্ষামূলক প্ৰকল্প হাতত লোৱাৰ বিষয়ে বিবেচনা কৰিবলৈও পৰামৰ্শ আগবঢ়ায়৷ তেওঁ লগতে মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক সীমান্তত বনাঞ্চল নিৰীক্ষণৰ বাবেও পৰামৰ্শ আগবঢ়ায়৷ কেন্দ্ৰীয় নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় মহাকাশ মন্ত্ৰী জিতেন্দ্ৰ সিং, ৰাজ্যিক নাৰ মন্ত্ৰী বি এল বাৰ্মাৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ বৈঠকত মহাকাশ বিভাগ আৰু  নাৰ মন্ত্ৰালয়ৰ সচিবসকল, ইছৰোৰ অধ্যক্ষ ডঃ কে শিৱন, এনইএছএচিৰ সঞ্চালক আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্য সচিবসকলো উপস্থিত আছিল৷

Post a Comment

0 Comments