TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বৰপেটাত সপ্তম আন্তৰ্জাতিক যোগ দিৱস পালন

 



বৰপেটা, ২১ জুন: সমগ্ৰ বিশ্বৰ লগতে বৰপেটাতো আজি সপ্তম আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান  বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ কয় যে যোগাভ্যাসে আমাৰ শৰীৰৰ লগতে মনো সুস্থ সবল কৰি ৰখাত সহায় কৰে। সেয়ে প্ৰাচীন ভাৰতীয় সভ্যতাৰ এনে অনবদ্য অৱদানক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাতে আজি সমগ্ৰ বিশ্ব‌ই আনুষ্ঠানিকভাৱে স্বীকৃত প্ৰদান কৰিছে বুলি তেওঁ উল্লেখ কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই পৰিচালনা কৰা উদ্ধোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু লখিমী দত্তয়ো অংশ গ্ৰহণ কৰে। ইয়াৰ পিছতে যোগাচায্য ৰুবুল মিশ্ৰ‌ই সকলোকে যোগ ব্যায়াম আৰু প্ৰাণায়ামৰ অভ্যাস কৰোৱায়। তেওঁ  যোগভ্যাস সমূহৰ উপকাৰিতাৰ বিষয়েও বুজাই কয়। ইয়াত ক্ৰীড়া বিভাগৰ যোগ প্ৰশিক্ষক ৰূপম ওজা আৰু ববীমণি দাসেও সহযোগ কৰে। সম্পূৰ্ণ কোভিড নীতি-নিয়মৰ মাজেৰে আয়োজন কৰা এই  অনুষ্ঠানত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপৰিও স্থানীয় সীমিত সংখ্যক  নাগৰিকেও অংশগ্ৰহণ কৰে।  উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ সংক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই যোগ দিৱস অতি সীমিত সংখ্যক লোকৰ উপস্থিতিৰে অনুষ্ঠিত কৰা হয়। ইয়াৰ সমান্তৰালভাৱে শিক্ষা বিভাগৰ উদ্যোগত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশত যোগাভ্যাসৰ ভূমিকা সম্পৰ্কে এখন অন লাইন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে এই দিৱস অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়।

Post a Comment

0 Comments