TOP NEWS

6/recent/ticker-posts

Header Ads Widget

মাছ-মাংসৰ বিক্ৰেতাৰ সৈতে বৰপেটাৰ উপায়ুক্তৰ বৈঠক

 


বৰপেটা,২১ জুন : বৰপেটা জিলাৰ মাছ-মাংসৰ বজাৰত স্বাস্থ্য সন্মত ব্যৱস্থাৰে পৰিস্কাৰ পৰিচ্চন্নতা মানি চলাতো নিশ্চিত কৰা আৰু বজাৰৰ দৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আজি জিলা উপায়ুক্তৰ  কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়   উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জিলাখনৰ প্ৰতিখন পৌৰসভাৰ উপৰি পঞ্চায়ত সমূহেও নিজ নিজ অঞ্চলৰ মাছ-মাংসৰ বজাৰ পৰিস্কাৰ পৰিচন্ন তথা স্বাস্থ্য সন্মত কৰি ৰখাটো নিশ্চিত কৰিব লাগিব তাৰবাবে প্ৰয়োজন সাপেক্ষে তেওঁলোকে বিক্ৰেতা সকলৰ পৰা কৰ সংগ্ৰহ কৰিব পাৰিব এইক্ষেত্ৰত বজাৰ সমিতি সমূহেও পূৰ্ণ সহযোগ কৰিব লাগিব যিহেতু অধিকাংশ মাংস বিক্ৰেতাৰে সাধাৰণ বাণিজ্যিক অনুজ্ঞাপত্ৰ নাই আৰু তেওঁলোকৰ মাজত এই সম্পৰ্কীয় বিধি-ব্যৱস্থাৰ বিষয়েও সজাগতা অতি কম সেয়েহে এই বিক্ৰেতা সকলক পশু চিকিৎসা আৰু পশুপালন বিভাগৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয় সেই অনুসৰি আগ্ৰহী বিক্ৰেতা সকলৰ তালিকা অনতি পলমে ব্যৱসায়ী সন্থাক বিভাগীয় কৰ্তৃপক্ষৰ হাতত দাখিল কৰিবলৈ কোৱা হৈছে তদুপৰি মাছ-মাংসৰ সৰ্বোচ্চ নিৰিখ নিৰ্ধাৰণৰ বাবে পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়াই ব্যৱসায়ী সকলৰ সৈতে আলোচনা মৰ্মে জিলা উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিব লাগিব সভাত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা পশুপালন বিষয়া ডা: প্ৰবীণ দাস, জিলা মীণ উন্নয়ন বিষয়া ভাৰত শৰ্মা, সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাৰ উপৰি  পৌৰসভাৰ কাৰ্যবাহী বিষয়া সকল আৰু  জিলাখনৰ মাছ-মাংসৰ বিক্ৰেতা সকলৰ প্ৰতিনিধি সকলো উপস্থিত থাকে উল্লেখযোগ্য যে বৰপেটাত পথৰ কাষতে বা অতি অস্বাস্থ্যকৰ পৰিবেশত মাছ-মাংস বিক্ৰি কৰি থকাটো প্ৰত্যক্ষ কৰি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে অলপতে বজাৰত এনে বিক্ৰেতা একাংশৰ বিৰুদ্ধে অভিযানো চলাইছিল জিলা তথ্য আৰু জনসংযোগ বিষয়াই এই কথা প্ৰকাশ কৰি কয় যে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সম্প্ৰতি কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই দোকান-বজাৰ বোৰৰ পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাটো আৰু স্বাস্থ্য বিধি মানি চলাটো নিশ্চিত কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে বিষয়টোত পুণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে

Post a Comment

0 Comments