TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বৰপেটা জিলাৰ কোভিড যুজলৈ পিৰামলৰ অক্সিজেন কনচেনট্ৰেটৰ আৰু মাস্ক যোগান।

 


বৰপেটা, জুন : বৰপেটা জিলাৰ কৰোনা বিৰোধী যুঁজ খনত বিশেষ সহযোগিতা আগবঢ়াই পিৰামল স্বাস্থ্য ব্যৱস্থাপনা সমিতিৰ তৰফৰ পৰা আজি পুণৰ ১০ টা অক্সিজেন কনচেনট্ৰেটৰ আৰু ৫০০ খন এন নাইটিফাইভ মাস্ক জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ হাতত অৰ্পন কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে এই সামগ্ৰী সমূহ হস্তান্তৰ কৰে সংগঠনটোৰ ৰাজ্যিক ৰূপান্তৰ প্ৰৱন্ধক : ধ্ৰুৱজ্যোতি বৰাই কয় যে ইয়াৰ উপৰি জিলা প্ৰশাসনক কৰোনা ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সজুলি যোগান ধৰিবলৈ সংস্থাটো প্ৰস্তুত আছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও পিৰামলৰ তৰফৰ পৰা অক্সিজেন কনচেনট্ৰেটৰ আৰু 'ক্সিমিটাৰৰ যোগান ধৰা হৈছিল  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ইয়াৰ বাবে সংস্থাটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, এই চিকিৎসা সামগ্ৰী সমূহ কোভিড ৰোগী সকলৰ সৰ্বাধিক সুবিধাৰ্থে যথাসম্ভৱ কাৰ্যকৰী ৰূপত ব্যৱহাৰ কৰা ' তাৰ বাবে জিলা স্বাস্থ্য বিভাগক তাৎক্ষণিকভাৱে পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, পিৰামল ফাউণ্ডেশ্যনৰ ৰাজ্যিক গুণমান প্ৰৱন্ধক তফিকুল মালিক জিলা ৰূপান্তৰ বিষয়া জাকিৰ হুছেইন আদিও উপস্থিত থাকে

Post a Comment

0 Comments