বৰপেটা, ৯
জুন:
অৰ্ধ লক ডাউন জনিত
পৰিস্থিতিৰ বাবে বৰপেটা জিলাৰ
কৃষক সকলে উৎপাদিত শস্য
বিক্ৰীৰ ক্ষেত্ৰত সন্মূখীন হোৱা সমস্যাৰ সমাধানৰ
বাবে জিলা উপায়ুক্ত তেজ
প্ৰসাদ ভূচালৰ বিশেষ তৎপৰতাত
অসম কৃষি ব্যৱসায় তথা
গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প, অৰ্থাৎ চমুকৈ এপাৰ্টৰ
উদ্যোগত আৰু জিলা কৃষি
বিভাগৰ বিশেষ সহযোগত কালি
মন্দিয়াৰ পৰা ২১ মেট্ৰিক
টন ৰঙালাউ বৰ্হি ৰাজ্যলৈ প্ৰেৰণ
লগতে ৩.২০ মেট্ৰিক
টন আলু যোৰহাটলৈ প্ৰেৰণ
কৰা হয়। মন্দিয়াৰ
৩ নং বৰদলনিৰ প্ৰগতিশীল
কৃষক ৰহিমুদ্দিনৰ পৰা এই
বৃহৎ পৰিমানৰ ৰঙালাউ প্ৰশাসনৰ সহযোগত
স্থানীয় ব্যৱসায়ী মঞ্জু মিয়াই কলকাতাৰ
বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হয়। নিজ
পথাৰতে কেজিত ৬.৫০
টকা দৰ লাভ কৰি
খেতিয়ক ৰহিমুদ্দিনক কালি বেচ উৎফুল্লিত
দেখা যায়। এই
ৰপ্তানি প্ৰক্ৰিয়াত সহযোগ কৰাৰ বাবে
কালি এপাৰ্টৰ তৰফৰ পৰা কৃষি
বাণিজ্য বিশেষজ্ঞ গৌতম গোস্বামী, বৰপেটা
মহকুমা কৃষি বিষয়া পৰীক্ষিত
বায়ন, মহকুমা কৃষি বিষয়া
( তথ্য) প্ৰদীপ কুমাৰ দাস,
মন্দিয়াৰ কৃষি উন্নয়ন বিষয়া
নৱনীতা বৈশ্য আৰু ভাৰপ্ৰাপ্ত
ভৰাল তত্বাৱধায়ক জগদীশ তালুকদাৰো উপস্থিত
থাকে। জিলা
তথ্য আৰু জনসংযোগ বিষয়া
বিকাশ শৰ্মাই এই কথা
প্ৰকাশ কৰি জনাইছে যে
সকলোৰে মিলিত প্ৰচেষ্টাত বৰপেটা
জিলাত উৎপাদিত পাচলি কলকাতাৰ অভিজাত
বজাৰলৈ এনেদৰে বৃহৎ মাত্ৰাত
ৰপ্তানি সম্ভৱ হৈ উঠে। ৰাজ্যৰ
কৃষি মন্ত্ৰী অতুল বৰাও এই
পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি কালিয়ে
এক টুইট যোগে জিলা
কৃষি বিভাগ আৰু এপাৰ্টৰ
শলাগ লয়। জনসংযোগ
বিষয়াই জনোৱা মতে কেবল
সিমানেই নহয়, কালি মন্দিয়াৰ
পৰাই দুখন ট্ৰাকত ৩.২ মেট্ৰিক টন
আলু যোৰহাটৰ বজাৰলৈ প্ৰেৰণ কৰা
হয়। জিলা
উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ
বিশেষ তৎপৰতাত প্ৰশাসনৰ তৰফৰ পৰা সকলো
সহযোগ আগবঢ়োৱাৰ উপৰি জিলা কৃষি
বিভাগৰ বিষয়া সকলেও এই
ক্ষেত্ৰত আগভাগ লোৱা দেখা
যায়। ইয়াৰ
ফলত চলিত সান্ধ্য আইনে
কৃষক সকলৰ উৎপাদিত পাচলি
বিক্ৰিত পেলোৱা নেতিবাচক প্ৰভাৱৰ
পৰা কৃষক সকল কিছু
উপকৃত হোৱা বুলি জানিব
পৰা গৈছে। উল্লেখযোগ্য
যে বৰপেটা জিলা কৃষি
ক্ষেত্ৰত অগ্ৰণী হোৱা হেতুকে
অৰ্ধ লক ডাউনৰ এই
সময়চোৱাত জিলাখনৰ কৃষক সকলে নিজৰ
উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কিছু জটিলতাৰ সন্মূখীন
হৈছিল যদিও সম্প্ৰতি জিলা
উপায়ুক্ত আৰু কৃষি বিভাগৰ
তৎপৰতাত কৃষি বাণিজ্যৰ দিশত
সুস্থিৰতা উভতি অহা পৰিলক্ষিত
হৈছে। তেওঁ
জনোৱা মতে বিভাগৰ উদ্যোগত
বাঘবৰৰ চৰ অঞ্চলৰ পৰা
ৰঙালাউৰ আন এটি বৃহৎ
গোট বাহিৰলৈ প্ৰেৰণৰ প্ৰচেষ্টা চলি আছে।
0 Comments