TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লখিমপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ৭ ছেপ্টেম্বৰ : লখিমপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত লখিমপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয় ৷ প্ৰকল্প বিষয়া বিৰিঞ্চি কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ অনুষ্ঠানৰ পূৰ্বে অঞ্চলটোৰ মাজেৰে এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ সবল নাৰী ,স্বাক্ষৰ শিশু ,সুস্হ ভাৰত শীৰ্ষক শ্ল’গানৰে আৰম্ভ হোৱা আজিৰ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ক্ৰমে লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ক্ৰমে ড° প্ৰশান্ত কুমাৰ পাঠক ,দীপশিখা হাজৰিকা , পঞ্চায়ত প্ৰতিনিধি বসন্ত দাস , প্ৰাংগনা দত্ত ,মুখ্যসেৱিকা গীতাঞ্জলি বৰাই বিষয়বস্তুৰ ওপৰত বক্তব্য ৰাখে ৷ ৰাষ্ট্ৰীয় পোষণ মাহৰ সন্দৰ্ভত প্ৰকল্প বিষয়া বিৰিঞ্চি কুমাৰ বৰাই উপস্থিত সকলোকে সুন্দৰভাৱে বুজাই দিয়া অনুষ্ঠানতে শ্ৰেষ্ঠ কৰ্মী হিচাপে নিৰ্বাচন কৰা মবিনা বেগমক অনুষ্ঠানতে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

Post a Comment

0 Comments