TOP NEWS

6/recent/ticker-posts

Header Ads Widget

অসম চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ‘ছাত্ৰ দিৱস’ হিচাপে উদ্‌যাপন কৰিব

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৬ ছেপ্টেম্বৰ ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অধ্যক্ষতা কৰাৰ উদ্দেশ্যে কোকৰাঝাৰ ভ্ৰমণকালত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন ৩১ মাৰ্চ তাৰিখটো প্ৰতিবছৰে ৰাজ্য চৰকাৰে ‘ছাত্ৰ দিৱস’ হিচাপে পালন কৰিব বুলি আজি ঘোষণা কৰে৷ কেবিনেট বৈঠকৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কোকৰাঝাৰ জিলাৰ ডটমাস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলত উপস্থিত হৈ পুষ্পাঞ্জ লি অৰ্পণ কৰি গভীৰ৷ দ্ধা নিবেদন কৰে৷ বিটিআৰবাসীৰ সামাজিক-সাংস্কৃতিক আৰু শৈক্ষিক সৱলীকৰণৰ দিশত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আগবঢ়োৱা উল্লেখযোগ্য বৰঙনিৰ বিষয়ে উল্লেখ কৰি এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বডোফাৰ জন্মদিন ৩১ মাৰ্চ তাৰিখটো ৰাজ্য চৰকাৰে ‘ছাত্ৰ দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলিত ১০ কোটি টকা ব্যয় সাপেক্ষ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে ডটমাস্থিত বডোফাৰ বাসগৃহলৈ গৈ পৰিয়ালবৰ্গৰ সৈতেও কিছ সময় কটায়৷ এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে পৰিয়ালবৰ্গৰ কুশল-মঙ্গল কামনা কৰাৰ লগতে চৰকাৰৰ পৰা সকলোধৰণৰ সহায়ৰ আশ্বাসো প্ৰদান কৰে৷ পৰিয়ালবৰ্গৰ সৈতে কথা-বতৰা পতাৰ সময়ত মুখ্যমন্ত্ৰীয়ে বড়োসকল আৰু বিটিআৰবাসীসকলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক সৱলীকৰণৰ দিশত বডোফাৰ অৰিহণাৰ কথা স্মৰণ কৰে৷ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতি বিজড়িত কৰি ৰখাৰ উদ্দেশ্যে এটা সংগ্ৰহালয়ৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কোকৰাঝাৰ জিলাৰ গৌৰাং সাংস্কৃতিক প্ৰকল্পত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰো উদ্বোধন কৰে৷ তেওঁ কয় যে উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে দক্ষ প্ৰশাসন হৈছে মূল চাবিকাঠি৷ এই প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে চৰকাৰী কৰ্মচাৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব বুলিও তেওঁ কয়৷ তেওঁ কয় যে এই মহাবিদ্যালয়খনে বিটিআৰৰ আৰু বাহিৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত প্ৰশাসনিক বুদ্ধিমত্ত্বা প্ৰদান কৰাৰ দিশত সহায়ক হ’ব৷ বিশেষকৈ ছয় নং দফা অনুসূচিত স্বায়ত্ত শাসিত প্ৰশাসনক অধিক কাৰ্যক্ষম কৰাৰ দিশত কৰ্মচাৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয়৷
তেওঁ লগতে কয় যে ট্ৰাইবেল ব্লকৰ সৈতে জড়িত নীতিৰ সন্দৰ্ভত অধিক দক্ষতাৰে কাম কৰা আৰু জনসাধাৰণক ভালদৰে সেৱা আগবঢ়োৱাৰ দিশতো চৰকাৰী বিষয়াসকলক এই মহাবিদ্যালয়খনে অধিক সৱলীকৰণ কৰি তুলিব৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়৷ সকলোধৰণৰ নিৰ্মাণ প্ৰট’কল মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ নিৰ্মাণকাৰী সংস্থাক সময়মতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ কয়৷ বৰ্তমান অব্যাহত থকা অগ্ৰগতিৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৩ বৰ্ষৰ পৰা কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে ইয়াৰ শৈক্ষিক কাৰ্যসূচী আৰম্ভ কৰিব পাৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিটিচি সচিবালয় প্ৰাঙ্গনত ২২৯টা ভিচিডিচি কাৰ্যালয়ৰ ভিচিডিচি ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অধীনত ২২৯টা ভিচিডিচি কাৰ্যালয় নিৰ্মাণৰ বাবে ২৫ লাখ টকাকৈ ধাৰ্য কৰা হৈছে৷ বিটিআৰত প্তখন জিলাৰ বাবে ৪২০টা ভিচিডিচি আছে৷ ইয়াৰে ২২৯টা ভিচিডিচিৰ স্থায়ী কাৰ্যালয় ভৱন নাই৷ আজি আধাৰশিলা স্থাপন কৰা এই ভৱনসমূহত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে সকলো ভিচিডিচিয়ে নিজৰ কাৰ্যালয় ভৱন কক্ষৰ পৰাই কাম-কাজ চলাব পাৰিব৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে আজি কোকৰাঝাৰৰ হাৰিণাগুৰিত বিটিআৰৰ কাৰ্যবাহী সদস্য আৰু এম চি এল এসকলৰ বাবে আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে৷ আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো প্ৰমুখ্যে কাৰ্যবাহী সদস্য আৰু এম চি এল এসকল উপস্থিত থাকে৷

Post a Comment

0 Comments