TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নেড্‌ফি হাউছত অসমৰ ষ্টাৰ্ট-আপ্‌ ইক’ ছিষ্টেম অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, 7 ছেপ্টেম্বৰ : ‘অসমত ষ্টাৰ্ট-আপ্‌ আন্দোলন পলমকৈ আৰম্ভ হ’লেও ইয়াৰ অগ্ৰগতি লেহেমীয়া নহয়৷ যোৱা কিছু বছৰত এই ষ্টাৰ্ট-আপে আশাৰ সৃষ্টি কৰিছে আৰু আমাৰ যুৱক-যুৱতীসকলৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে৷ ৰাজ্যখনত অসম ষ্টাৰ্ট-আপ্‌ ‘দ্য নেষ্ট’ৰ জৰিয়তে ষ্টাৰ্ট-আপ্‌সমূহৰ বাবে এটা বৃহৎ মেণ্টৰশ্বিপ নেটৱৰ্কৰ সূচনা হৈছে৷ অসমৰ যুৱক-যুৱতীসকলে বৃহৎ পৰিসৰত উদ্যোগীকৰণৰ প্ৰতি আগ্ৰহী হৈ পৰাটো এক উৎসাহজনক বিষয়৷ ’ –আজি গুৱাহাটীৰ নেড্‌ফি হাউছত অসমৰ ষ্টাৰ্ট-আপ্‌ ইক’ ছিষ্টেম সংক্ৰান্তিয় এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজি বিশ্বত দ্ৰুত পৰিৱৰ্তনৰ ধাৰা সূচনা হৈছে৷ ইয়াৰ লগে লগে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰো প্ৰসাৰ সাধন হৈছে৷ ভাৰতে এতিয়া ষ্টাৰ্ট-আপ্‌ত প্ৰৱেশ কৰিছে আৰু ইয়ে বৃহৎ সংখ্যক যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰাৰ উপৰি উদ্ভাৱনীমূলক দিশেৰে আগুৱাই যোৱাৰ বাবেও উৎসাহিত কৰিছে৷ বৰ্তমান ভাৰতত ষ্টাৰ্ট-আপ্‌ৰ সফলতা বিশ্ববাসীৰ বাবে অন্যতম এক উদাহৰণ হৈ পৰিছে আৰু সকলো ভাৰতীয়ই ষ্টাৰ্ট-আপ্‌ৰ সফলতাৰ সাক্ষী হৈছে৷ ভাৰতৰ ষ্টাৰ্ট-আপ্‌ ইকো ছিষ্টেমে বিশ্বত এক নতুন প্ৰৱাহৰ সূচনা কৰিছে৷ দেশৰ ষ্টাৰ্ট-আপ্‌সমূহে নিৰন্তৰ উন্নতি লাভ কৰাৰ লগতে ইয়াৰ প্ৰসাৰতা বৃদ্ধি পাইছে৷ ই এক আশাব্যঞ্জক দিশ বুলি উল্লেখ কৰি ভাৰতৰ ষ্টাৰ্ট-আপ্‌ৰ সফলতাৰ যাত্ৰাত যুৱক-যুৱতীসকলে নেতৃত্ব দিয়াৰ বাবে তেওঁলোকক অভিনন্দনো জ্ঞাপন কৰে৷ আজিৰ অনুষ্ঠানত নিৰ্বাচিত জ্জটা প্ৰপটেক ষ্টাৰ্ট-আপ্‌ ক্ৰমে জিৰাণ্ড, ম’ডকেভ, ৰিয়েলিটি ডট আই অ’, ছেফাৰ্থ, চেটল্‌, ছাষ্টভেষ্ট, টেলাছ হেবিটেটৰ সফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যসমূহৰ ষ্টাৰ্ট-আপ্‌ ৰেংকিং-২০২১ত অসম ষ্টাৰ্ট-আপে উল্লেখযোগ্য সফলতা প্ৰদৰ্শ ন কৰিছে৷ উদীয়ামান ষ্টাৰ্ট-আপ্‌সমূহৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ যুৱ প্ৰজন্মৰ সামৰ্থ আৰু সৃষ্টিশীলতা আছে৷ তেওঁলোকৰ মাজত উদ্ভাৱনীমূলক শক্তিও নিহিত হৈ আছে৷ সেইবাবে তেওঁলোকে নতুন ধাৰণাৰে আগবাঢ়ি আহি ব্যৱসায়িক ক্ষেত্ৰখনত নতুন প্ৰতিশ্ৰুতি বহন কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে ষ্টাৰ্ট-আপ্‌ সংস্কৃতিক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে নীতি গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰিছে৷ উদ্যোগীকৰণ সৈতে ষ্টাৰ্ট-আপ্‌ক সংযুক্ত কৰা আৰু উদ্ভাৱনী কাৰ্যত নিয়োজিত যুৱক-যুৱতীসকলক উৎসাহিত কৰা আৰু আমোলাতান্ত্ৰিক বাধাৰ ক্ষেত্ৰৰ পৰা তেওঁলোকক মুকলি মন লৈ আগুৱাই যাব পৰাকৈ চৰকাৰে উৎসাহিত কৰিছে৷ তেওঁ কয় যে দেশৰ উদ্যোগীকৰণৰ ক্ষেত্ৰখনক অধিক গতিশীল আৰু দ্ৰুত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সূচনা হোৱা ষ্টাৰ্ট-আপ্‌ ইণ্ডিয়া কাৰ্যসূচীয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰেও ষ্টাৰ্ট-আপ্‌ বিকশাই তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷ চাকৰি বিচৰাতকৈ চাকৰিৰ সুবিধা দিব পৰা ব্যক্তিৰ উন্মেষ সাধনত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰি ষ্টাৰ্ট-আপ্‌ খণ্ডক অধিক দ্ৰুত আৰু গতিশীল কৰি তুলিছে৷ উদ্যোগ আৰু বাণিজ্য বিভাগে ২০১৭ চনত অসম ষ্টাৰ্ট-আপ্‌ নীতি আৰম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এ আই ডি চিয়ে নডেল এজেন্সী হিচাপে কাৰ্যনিৰ্বাহ কৰি এক পৰিৱেশৰ সূচনা কৰিছে৷ অসম ষ্টাৰ্ট-আপ্‌ ‘দ্য নেষ্ট’ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চৰকাৰী ইনকিউবেট৷ ২০১৯ চনৰ ২০ জানুৱাৰীত ইয়াক উদ্বোধন কৰা হৈছিল৷ আৰম্ভণিৰে পৰা দ্য নেষ্টে জনসাধাৰণৰ মাজত এক উৎসাহৰ পৰিৱেশ সূচনা কৰিবলৈ সক্ষম হৈছে৷ প্ৰথম ইনকিউবেচনৰ বাবে ১০৪৭খন আবেদন লাভ কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ৫০টা ষ্টাৰ্ট-আপ্‌ক ছমাহৰ ভিতৰত ইনকিউবেচন চলোৱাৰ বাবে নিৰ্বাচিত কৰা হৈছিল৷ দেশৰ অন্যান্য প্ৰান্তত ষ্টাৰ্ট-আপ্‌ আন্দোলন বেছি ভাগ চহৰৰ আশে-পাশে কেন্দ্ৰীভূত হৈ থকাৰ বিপৰীতে অসমৰ ষ্টাৰ্ট-আপ্‌ যাত্ৰাই চহৰ আৰু গ্ৰামাঞ্চলক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷ এই ষ্টাৰ্ট-আপ্‌সমূহে থলুৱা সম্পদ আৰু সম্ভাৱনাসমূহক বিকশাই তুলি নিয়োগৰ পথো মুকলি কৰি দিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসম ষ্টাৰ্ট-আপ্‌-দ্য নেষ্টে সমগ্ৰ অসমতে যুৱ উদ্ভাৱক আৰু উচ্ছাকাংক্ষী ষ্টাৰ্ট-আপ্‌সমূহক অনুপ্ৰাণিত কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আই আই এম, কলকাতা ইন’ভেচনৰ পাৰ্কৰ পৰা মেণ্টৰসকলে ইনকিউবেট কৰা ষ্টাৰ্ট-আপ্‌সমূহক মেণ্ট’ৰিঙৰ দিশত নিয়োজিত হৈ আহিছে৷ ইনকিউবেট কৰা ষ্টাৰ্ট-আপ্‌সমূহে প্ৰায় ৩.চ্ছ্ৰ লাখ লোকৰ জীৱনতো প্ৰভাৱ পেলোৱাত সফল হৈছে৷ নেষ্টে এতিয়ালৈকে ৭৪টা আউটৰিচ ইভেণ্ট সম্পন্ন কৰিছে আৰু ১৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীৰ উদ্ভাৱনীমূলক চিন্তাক নতুন বাট দেখুৱাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আৰ্থিক সাহায্যৰে ষ্টাৰ্ট-আপ্‌সমূহক সহায় কৰাৰ দিশত অসম চৰকাৰে প্ৰৱৰ্তন কৰিছে মাই অসম ষ্টাৰ্ট-আপ্‌ আই ডি চমুকৈ মেচি৷ মেচিৰ বাবে যোগ্য বুলি বিবেচিত ষ্টাৰ্ট-আপ্‌সমূহে ৫০ লাখ টকা পৰ্যন্ত অনুদানৰ বাবে আবেদন কৰিব পাৰিব৷ ইতিমধ্যে এইক্ষেত্ৰত ৩৬৮খন আবেদন লাভ কৰা হৈছে আৰু ২৯২খন আবেদন মূল্যাঙ্কন কৰা হৈছে৷ মাই অসম ষ্টাৰ্ট-আপ্‌ আই ডিৰ অধীনত আৰ্থিক সুবিধাৰ বাবে আবেদন কৰা ৪৫টা ষ্টাৰ্ট-আপ্‌ক অসম ষ্টাৰ্ট-আপ্‌ নীতি ২০১৭১ অধীনত ৫০ লাখ টকাকৈ দিয়াৰ ক্ষেত্ৰটো অনুমোদন জনোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ষ্টাৰ্ট-আপ্‌ পৰিৱেশতন্ত্ৰক আগুৱাই নিয়াৰ বাবে অসম চৰকাৰে ৰাজ্যৰ নিৰ্দিষ্ট ষ্টাৰ্ট-আপ্‌ৰ বাবে ২০০ কোটি টকাৰ ভেন্সাৰ কেপিটেল সাহায্য প্ৰদানৰ বাবে ছিদবিৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ ষ্টাৰ্ট-আপ্‌সমূহে যি গতি আৰু পৰিসৰত আগবাঢ়িছে তাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোনক সাৰ্থকতা কৰাৰ দিশত ইতিবাচক প্ৰভাৱ পেলাব৷ ভাৰতৰ ষ্টাৰ্ট-আপ্‌ত সোণালী যুগ আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে আমাৰ দ্ৰুত নগৰীকৰণ, ভৱিষ্যৎ প্ৰযুক্তিৰ সৈতে জড়িত গৱেষণা আৰু বিকাশ, উদীয়মান ডিজিটেল জীৱনশৈলী, কৃষি, স্বাস্থ্য, শিক্ষা, পৰ্যটন আদি খণ্ডসমূহক চৰকাৰ আৰু ষ্টাৰ্ট-আপ্‌ৰ মাজৰ অংশীদাৰিত্বৰ বিশাল সুযোগ প্ৰদান কৰিব৷ আজিৰ অনুষ্ঠানত নেড্‌ফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তি, নিৰ্বাচিত জ্জটা প্ৰপটেক ষ্টাৰ্ট-আপ্‌ ক্ৰমে জিৰাণ্ড, ম’ডকেভ, ৰিয়েলিটি ডট আই অ’, ছেফাৰ্থ, চেটল্‌, ছাষ্টভেষ্ট, টেলাছ হেবিটেটৰ প্ৰতিনিধিবৰ্গৰ লগতে গণ্যমাণ্য ব্যক্তিসকল উপস্থিত থাকে৷

Post a Comment

0 Comments