TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চতিয়াৰ শিক্ষক অৰুণ বৰদলৈক কৃতী শিক্ষকৰ বঁটা প্ৰদান

ষ্টাফ ৰিপ'ৰ্টাৰ বিশ্বনাথ চাৰিআলি, ছেপ্টেম্বৰ ৬: চতিয়াৰ উত্তৰ অঞ্চলৰ ১ নং গেৰেকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুণ বৰদলৈক বিশ্বনাথ জিলা প্ৰশাসনৰ তথা বিশ্বনাথ জিলাৰ সমুহ শিক্ষক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্বনাথ জিলা শিক্ষক দিৱস উৎযাপন সমিতিয়ে ৰাজহুৱাভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। বিশ্বনাথ জিলাৰ উপায়ুক্ত মুণীন্দ্ৰ ঙাটে এখন ফুলাম গামোচা, শৰাই আৰু সম্বধৰ্না পত্ৰ প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানত বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত উপায়ুক্ত ড° সূৰ্যকমল বৰা, বিশ্বনাথৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিদ্যালয়ৰ উপ পৰিদৰ্শক কৰুণাকান্ত ভট্ট, বিশিষ্ট শিক্ষাবিদ ড° ক্ষেমৰাজ নেপালৰ লগতে জিলাখনৰ বহুতো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল। উত্তৰ অঞ্চলৰ একেবাৰে বহু ভিতৰুৱা চাহ আৰু প্ৰাক্তন চাহ জনজাতি খেৰিয়া, মুণ্ডা, গুৱালা, পাতৰ উপ জাতি লোকসকলে বসবাস কৰা অতিকৈ দুখীয়া ১০০% দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা অঞ্চলত থকা ১নং গেৰেকী প্ৰথমিক বিদ্যালয়ত ১৯৮৫ চনত অৰুণ বৰদলৈয়ে সহ শিক্ষক হিচাপে যোগদান কৰি, বিদ্যালয়ৰ কন কন শিশুসকলক শিক্ষা দান দিয়াৰ উপৰি বিদ্যালয়খনৰ উন্নয়নৰ অঞ্চলটোত বিভিন্ন ধৰণৰ গঠন মূলক কাম সজাগতা সভা, শিক্ষা, কলা সংস্কৃতি, ক্ৰীড়া, বৃক্ষ ৰোপণ আদি বিভিন্ন ধৰণৰ কাম কৰিছিল। বিশেষকৈ বিদ্যালয়ত বিস্তৃত কাৰ্য্যসুচীৰে শিশুদিৱস উৎযাপন, কভিডৰ বাবে বিদ্যালয় বন্ধ থকা সময়ত ছাত্ৰ ছাত্ৰীৰ বাবে অনলাইন চিত্ৰাঙ্কন, কবিতা আবৃত্তি, গীত নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰি ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে নগদ ধনৰ পুৰষ্কাৰ বঁটা প্ৰদান, কভিদ গৃহবন্দী লোকসকলৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ, বিদ্যালয়ত কেইবাবাৰো কভিড পৰীক্ষা শিবিৰ, ভেকচিন কেম্প আদি বহু ধৰণৰ কাম কৰিছিল। মদ, ভাং ড্ৰাগছৰ বিৰুদ্ধে কেইবাখনো সজাগতামুলক সভাৰ লগতে বিভিন্ন ধৰনৰ গঠনমূলক কাম কৰাৰ বাবে ২০২১ চনত বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা শান্তি সম্প্ৰীতি বঁটা, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁঞি বৰুৱা জীৱনসমৃদ্ধ বঁটাৰ উপৰি এইবাৰ ২০২২ চনৰ ৬১ সংখ্যক শিক্ষক দিৱসৰ দিনটোত কৃতী শিক্ষক হিচাপে বিশ্বনাথ চাৰিআলিত ৰাজহুৱা ভাবে অৰুণ বৰদলৈক সম্বৰ্ধনা জনায়।

Post a Comment

0 Comments