গুৱাহাটী
৭ জুনঃ
মহামাৰী ক’ভিড–১৯ৰ
ধাৰাবাহিক সংক্রমণে প্রস্তুতি প্রক্রিয়াত আউল লগালেও সময়মতে
অনুষ্ঠিত হ’ব টকিঅ’
অলিম্পিক৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া
মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ ৫০টা
দিন বাকী থকা সময়ত
বিশ্বৰ হাজাৰ হাজাৰ এথলীটক
নিশ্চয়তা দি উদ্যোক্তা কমিটীয়ে
প্রকাশ কৰে যে অহা
২৩ জুলাইৰ পৰা পূর্ব
নির্ধাৰিত সূচী অনুসৰি অলিম্পিক
আৰম্ভ হ’ব৷ উদ্যোক্তা
কমিটীৰ মুৰব্বী শ্বেইকো হাছিম’টোৱে কয়
যে অলিম্পিক অনুষ্ঠিত হোৱাটো ১০০ শতাংশ
নিশ্চিত৷ মহামাৰী ক’ভিড–১৯ৰ
প্রকোপ আমাৰ বাবে প্রত্যাহ্বান
হৈ পৰিছে যদিও আমি
এই প্রত্যাহ্বান নেওচি অলিম্পিকলৈ সাজু
হৈছোঁ৷ ক’ভিডজনিত পৰিস্থিতি
উন্নত নহ’লে দর্শক
অবিহনে অলিম্পিক আয়োজন কৰা হ’ব৷
উল্লেখ্য
যে মহামাৰীৰ প্রতি লক্ষ্য ৰাখি
উদ্যোক্তা কমিটীয়ে অলিম্পিকত বিদেশী দর্শকৰ উপস্থিতি
ইতিমধ্যে বাতিল কৰিছে যদিও
স্থানীয় দর্শকক মেচ উপভোগৰ
সুযোগ দিব বিচাৰে৷ কিন্তু
পৰিস্থিতি উন্নত নহ’লে
ঘৰুৱা দর্শককো ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিয়া নহ’ব৷ ‘অলিম্পিকলৈ আমাৰ
হাতত এতিয়া ৫০ দিন
বাকী আছে৷ বিশ্বৰ বিভিন্ন
প্রান্তৰ এথলীটসকলৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ আমি সতর্কতামূলক
ব্যৱস্থা সাজু কৰি ৰাখিছোঁ৷
জাপানত সকলো এথলীটে নিজকে
সুৰক্ষিত অনুভৱ কৰিব পাৰিব৷
পৰিস্থিতি অনুসৰি আমি এথলীটৰ
সুৰক্ষাৰ বাবে ঘৰুৱা দর্শকৰ
প্রৱেশতো নিষেধাজ্ঞা জাৰি কৰিম৷’ স্থানীয়
উদ্যোক্তা কমিটীৰ মুৰব্বী হাছিম’টোৱে এইদৰে কয়৷
ইফালে,
মেগা ইভেণ্টখনলৈ মাজত মাত্র ৫০টা
দিন বাকী থকা সময়ত
অলিম্পিক বাতিলৰ দাবীত আজি
১০ হাজাৰ স্বেচ্ছাসেৱকে পদত্যাগ
কৰে৷ অলিম্পিকৰ বিভিন্ন ইভেণ্ট সুকলমে পৰিচালিত
কৰিবলৈ স্থানীয় উদ্যোক্তা কমিটীয়ে প্রায় ৮০ হাজাৰ
স্বেচ্ছাসেৱকক নিযুক্ত কৰি প্রশিক্ষণ দি
আছিল৷ ইয়াৰে ১০ হাজাৰ
স্বেচ্ছাসেৱকে আজি দায়িত্বৰ পৰা
অব্যাহতি লয়৷
0 Comments