TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাৰ কাৰ্যালয় কক্ষত উপস্থিত মুখ্যমন্ত্ৰী

দিছপুৰ, ৩১ আগষ্ট ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি অৱসৰগ্ৰহণ কৰিবলগীয়া ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাক অসম সচিবালয়স্থিত তেওঁৰ কাৰ্যালয় কক্ষত উপস্থিত হৈ বিদায় সম্ভাষণ জনায়৷ উল্লেখ্য যে ১৯৮৮ বেট্‌চৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জিষ্ণু বৰুৱাই ৰাজ্যখনৰ মুখ্য সচিব হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদবীত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল৷ বিগত তিনিটা দশক জুৰি ৰাজ্য তথা ৰাজ্যবাসীৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰীয়ে বিদায়ী মুখ্য সচিবগৰাকীৰ সু-স্বাস্থ্য আৰু অৱসৰকালীন জীৱন সুখী হোৱাৰ কামনা কৰে৷ ইয়াৰ উপৰিও তেওঁ আগন্তুক দিনতো প্ৰয়োজন সাপেক্ষে ৰাজ্য চৰকাৰক দিহা-পৰামৰ্শ আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ বিদায়ী মুখ্য সচিব গৰাকীক বিদায় সম্ভাষণ জনোৱাৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা উপস্থিত থাকে৷

Post a Comment

0 Comments