TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চিচিবৰগাও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ নৱাগত আদৰণি সভা

ষ্টাফ ৰিপ'ৰ্টাৰ, ধেমাজি, ৩১ আগষ্ট: চিচিবৰগাও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত আজি নৱাগত আদৰণি সভাখনি অনুষ্ঠিত হৈ যায় । ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কোষেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে বিভাগৰ সহকাৰী অধ্যাপক ৰাজেশ পাইটে । ৰাজনীতি বিজ্ঞান সংস্হাৰ সম্পাদক তথা ছাত্র ৰাজেন গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিতুল লাহন, দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ শইকীয়া, অসমীয়া বিভাগৰ অধ্যাপক নয়নমনি মহন্ত, অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা তৰুলতা ভূঞা আদিয়ে ছাত্র-ছাত্ৰী সকলক উদ্যেশি জীৱন মূলক বহুমূলীয়া বক্তব্য ৰাখে । এটা গছ পুলি ৰোপনেৰে কায্যসূচী আৰম্ভ কৰা সভাখনত বন্তি প্ৰজ্বলন কৰে উপাধ্যক্ষ দিতুল লাহনে । ছাত্র-ছাত্ৰী সকলৰ গীতে মাত-নৃত্যৰে জীপাল কৰি তোলা এই সভাখনিত ইফালে উপস্থিত থাকে অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক পুলিন গগৈ, যুগান্ত শইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ হেমন্ত কুমাৰ ভূঞা আদিয়ে । কেইবাজনো ছাত্র-ছাত্ৰীয়ে মনৰ অনুভৱ ব্যক্ত কৰা এই সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই ছাত্ৰী পূৰবী দেউৰীয়ে ।

Post a Comment

0 Comments