TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নাজিৰা মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ ভাওনা মঞ্চায়ণ

দিলীপ হাজৰিকা, নাজিৰা ২৪ আগষ্ট : অনুপম সৃষ্টি ভাওনাক জীয়াই ৰখাৰ প্ৰয়াস নাজিৰা মহাবিদ্যালয়ৰ । মংগলবাৰে নিশা নাজিৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত,বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শিক্ষক গোটৰ সহযোগত নাজিৰাৰ মিলন মন্দিৰত মঞ্চা‌য়ণ কৰা হয় গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা। "কুৰুসন্ধ্যা" নামেৰে এখন ভাওনা মঞ্চায়ণ কৰে নাজিৰা মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই ভাওনা প্ৰদৰ্শনৰ জৰিয়তে বৰ্তমান প্ৰজন্মৰ মাজত আধ্যাত্মিক চিন্তা-চেতনা জীয়াই ৰখা,যুৱ উচ্ছৃংখল দূৰ কৰাৰ উদ্দেশ্য আগত ৰাখি নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা,বৰ্তমান-প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শিক্ষক গোটে মংগলবাৰে প্ৰৰ্দশন কৰে এই "কুৰুসন্ধ্যা" ভাওনা। এই ভাওনা উদ্বোধন কৰে বিশিষ্ট ভাওনা শিল্পী দিলীপ শইকীয়াই।

Post a Comment

0 Comments