TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ইমাম, মাদ্ৰাছাৰ শিক্ষক পঞ্জীয়নৰ পৰ্টেলৰ সিদ্ধান্তক আদৰণী কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ,২৪ আগষ্ট: অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাটিৰ চৰকাৰে মছজিদৰ ইমাম, মাদ্ৰাছাৰ শিক্ষক সকলৰ পঞ্জীয়নৰ সিদ্ধান্তৰে এক পৰ্টেলৰ ব্যৱস্থা কৰাত সন্তোষ প্ৰকাশ কৰি আদৰণী জনাইছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৰাজ্যখনৰ শক্তিশালী জাতীয় সংগঠন কোচ-ৰাজবংশী সংগ্ৰাম সমিতি চমুকৈ কে আৰ এছ এছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই বহিঃ ৰাজ্যৰ পৰা অসমলৈ অহা মছজিদৰ ইমাম- মাদ্ৰাছা, মোক্টাৱৰ শিক্ষক সকলক পঞ্জীয়নৰ অৰ্থে এটি পৰ্টেলৰ ব্যৱস্থা কৰা কাৰ্য নিশ্চিতভাৱেই আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰিছে। যি সময়ত জেহাদীৰ নেটৱৰ্ক বিয়পোৱাৰ বাবে দুষ্ট চক্ৰই চক্ৰান্ত কৰি একাংশ মছজিদ, মাদ্ৰাছাত থিতাপি লোৱাৰ অভিযোগ উত্থাপিত হৈছে, সেহতীয়াভাৱে জেহাদীৰ কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ইমাম গ্ৰেপ্টাৰ হোৱা ঘটণা সংঘটিত হৈছে, তেনে সময়তেই বহি:ৰাজ্যৰ পৰা অহা মছজিদ-মাদ্ৰাছা, মোক্টাৱৰ ইমাম, শিক্ষকৰ পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰাটো দূৰদৰ্শী সিদ্ধান্ত বুলি সমাজ সচেতন ভূ-ৰখা মহলে মন্তব্য কৰিছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ সৈতে ঐক্যমত ব্যক্ত কৰি কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই অসমৰ মুছলমান সমাজক সতৰ্ক হ'বলৈ আহ্বাণ জনাই মাছজিদ, মাদ্ৰাছা, মোক্টাৱত অচিনাকী, সন্দেহজনক নতুন ব্যক্তি দেখিলেই জিলা প্ৰশাসন অৰ্থবা স্থানীয় আৰক্ষী থানাক অৱগত কৰিবলৈ আহ্বাণ জনাইছে। অসমৰ জাতীয় জীৱনেই হওঁক বা সমাজ জীৱনতেই হওঁক মুছলমান সমাজৰ অশেষ বৰঙণী ৰ কথা সকলোৰে জ্ঞাত বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰৰ উক্ত বলিষ্ঠ সিদ্ধান্ত এশ শতাংশ বলবৎৰ সুব্যৱস্থা গ্ৰহণত সহযোগিতা আগবঢ়াবলৈ কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই সংশ্লিষ্ট সকলো পক্ষলৈকে আহ্বাণ জনাইছে।

Post a Comment

0 Comments