TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নেকিবুৰ জামানৰ আৰোগ্য কামনা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ

ষ্টাফ ৰিপ'ৰ্টাৰ, উত্তৰ‌ লখিমপুৰ, ২৬ আগষ্ট: সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰাজ্য খনৰ বিশিষ্ট বুদ্ধিজীৱি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ দ্ৰুত আশু আৰোগ্য কামনা কৰিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই উল্লেখ কৰে যে, দীৰ্ঘ বছৰ ধৰি অসমৰ জাতীয় জীৱন তথা সমাজ জীৱনত সক্ৰীয় ভূমিকা গ্ৰহণ কৰি দিহা-পৰামৰ্শ দি অহা বিশিষ্ট বুদ্ধিজীৱি নেকিবুৰ জামান অনতি বিলম্বে সুস্থ হৈ উঠক। অসমীয়া জাতিৰ ক্ষেত্ৰত সদা সৰৱ জামান অসমৰ এক বলিষ্ঠ জাতীয়তাবাদী কণ্ঠ । কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে বিশিষ্ট বুদ্ধিজীৱি গৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰি পৰম কৰুণাময় প্ৰভূ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। অন্যহাতে আন এক বিবৃতিযোগে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি বিকাশ দত্ত, উপ সভাপতি হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া আৰু উপদেষ্টা বাবুল দত্তই বুদ্ধিজীৱি নেকিবুৰ জামানৰ অনতি পলমে আশু আৰোগ্য কামনা কৰিছে।

Post a Comment

0 Comments