TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নিৰ্বাচন সংক্ৰান্তীয় আইনৰ ব্যাপক সংশোধন

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ৩১ জুলাই : "এতিয়াৰে পৰা ১৭ বছৰ বয়সৰ যিকোনো ভাৰতীয় যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । আবেদনৰ বাবে পূৰ্বে ভিত্তি তাৰিখ এবছৰত এবাৰ অৰ্থাৎ ১ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ কেতবোৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ ক্ষেত্ৰত ব্যাপক সংশোধনী ঘটোৱা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ১ জানুৱাৰীলৈ অপেক্ষা কৰিব নালাগে, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ তাৰিখকো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত বয়সৰ ভিত্তি তাৰিখ হিচাপে লোৱা হৈছে । অৰ্থাৎ ১৭ বছৰ চলি থকা যিকোনো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰি থ'ব পাৰিব । তেওঁলোকৰ যেতিয়াই ১৮ বছৰ হ'ব তেতিয়াই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ব ।" লখিমপুৰৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সুমিত সত্তাৱানে শনিবাৰে (৩০জুলাই) জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে । তেওঁ ১৭ বছৰ বয়সৰ যুৱক-যুৱতীসকলক অনলাইন ব্যৱস্থাৰে আগতীয়াকৈ আবেদন কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগে প্ৰতিজন ভোটদাতাৰ ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিবলৈ আহ্বান জনাইছে । তাৰ বাবে ৬ বি প্ৰ-পত্ৰ অনলাইন বা অফলাইনযোগে পূৰণ কৰি আধাৰ সংযোগ সম্পূৰ্ণ কৰিবলৈ তেওঁ আহ্বান জনায় । তেওঁ সকলো ভোটাৰকে গুগুল প্লে' ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ইনষ্টল কৰি অনলাইন ব্যৱস্থাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনায় । তেওঁ জানিবলৈ দিয়ে যে ভোটাৰ কাৰ্ডত সংশোধনী কৰাসকলেও এতিয়াৰে পৰা নিৰ্দিষ্ট কীটত নিজৰ ঘৰৰ ঠিকনাত ডাকযোগে নতুন কাৰ্ড লাভ কৰিব । যোৱা ৬ জানুৱাৰীৰ পিছত সংশোধনীৰ বাবে আবেদন কৰাসকলেও নতুন কাৰ্ড লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । আনহাতে সংশোধনীৰ বাবে আবেদনৰ প্ৰ-পত্ৰৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ৮ নং প্ৰ-পত্ৰতে সংশোধন, নতুন কাৰ্ডৰ বাবে আবেদন, স্থান পৰিবৰ্তন আদি কৰিব পাৰিব । আনহাতে বিভিন্ন বাহিনীত কৰ্মৰত (ছাৰ্ভিছ ভোটাৰ)ভোটাৰ আৰু বিশেষ ভোটাৰৰ ক্ষেত্ৰত লিংগ সমতা সুনিশ্চিত কৰি ভোটদানৰ ক্ষেত্ৰত আবেদন পত্ৰত 'ৱাইফ' শব্দৰ ঠাইত 'স্পাউচ্ ' বুলি উল্লেখ কৰা হৈছে । অৰ্থাৎ মহিলা ছাৰ্ভিছ ভোটাৰগৰাকীয়েও নিজৰ স্বামীৰ বাবে এই সুবিধা লাভ কৰিব পাৰিব । লগতে আবেদন পত্ৰত 'ট্ৰেঞ্চজেন্ডাৰ' অৰ্থাৎ তৃতীয় লিংগ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁ কয় যে অহা ১ আগষ্টৰ ,২০২২ পৰা নতুন প্ৰ-পত্ৰসমূহ মুকলি কৰা হ'ব আৰু যোগ্যসকলে আবেদন কৰিব পাৰিব । ৯ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব আৰু তাৰ পিছতেই ১৭ বছৰ বয়সৰ যুৱক-যুৱতীসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । তেওঁ ভোটাৰ হেল্পলাইন এপ অথবা www.nvsp.in অথবা www.voterportal.eci.gov.in ৱেবচাইট ভিজিট কৰি আবেদন অথবা সংশোধন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মুস্তাফা চেলিম আহমেদ আৰু জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া উপস্থিত থাকে।

Post a Comment

0 Comments