TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লখিমপুৰৰ কেহুতলি আৰু দৌলতপুৰত স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ৩০ জুলাই: লখিমপুৰ জিলাৰ বিহপুৰীয়া প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত কেহুতলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুক্ৰবাবে আৰু দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে স্বাস্থ্য বিভাগৰ উদ্যোগত বাল্য বিবাহ, ঘৰতে হোৱা প্ৰসৱ, জাপানীজ এনকেফেলাইটিজ আৰু ক'ভিড -১৯ ভেকচিনৰ ওপৰত সজাগতা সভা আৰু প্ৰসূতি তথা নবজাতকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । শুক্ৰবাৰে কেহুতলিত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাত অংশগ্ৰহণ কৰে লখিমপুৰ জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ জগদীশ গোস্বামী, উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ গুনীন গগৈ, শিশু বিকাশ প্ৰকল্প বিষয়া ক্ৰমে তৃষ্ণা পাঠক আৰু দীনেশ চন্দ্ৰ দাস, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ প্ৰফুল্ল বৰুৱা, ৰাজ্যিক পৰ্যবেক্ষক ডাক্তৰ এছ লস্কৰ আৰু অনিন্দিতা চৌধুৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ জিলাৰ বিষয়ববীয়া, স্বাস্থ্যকর্মী , জনপ্ৰতিনিধি পাৰবিনা চুলতানা উপস্থিত আছিল । স্বাস্থ্য শিবিৰত সেৱা আগবঢ়ায় ক্ৰমে ডাক্তৰ পি কে দেউৰী, ডাক্তৰ চিৰাজুল নবী, চি এইচ অ' প্ৰদীপ পাৱে, ৰিজুমনি বৰা আৰু হিৰক জ্যোতি পাঠৰিয়ে । উক্ত স্বাস্থ্য সেৱাত উপস্থিত ৰাইজৰ মাজত অনামিকা ৰাই মেম'ৰিয়েল ট্ৰাষ্টৰ পুতলাৰে প্ৰস্তুত কৰা "হিয়াৰ ফুল মনৰ মালিতা" শীৰ্ষক ধাৰাবাহিকৰ "কম বয়সত বিয়া নাপাতো" শীৰ্ষক ভিডিঅ' আৰু আই চি ডি এছ প্ৰকল্পৰ দ্বাৰা প্ৰস্তুত কৰা "পৰিয়াল পৰিকল্পনাৰ পৰামৰ্শ"ৰ ওপৰত বিশেষ ভিডিঅ" প্ৰদৰ্শন কৰা হয় । শনিবাৰে দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সজাগতা সভাত অংশগ্ৰহণ কৰে ক্ৰমে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ গুনীন গগৈ, শিশু বিকাশ প্ৰকল্প বিষয়া দীনেশ চন্দ্ৰ দাস, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ প্ৰফুল্ল বৰুৱা, ডাক্তৰ দিপেন বৰা বিদ্যালয়ৰ অধ্যক্ষ চাহাবুদ্দিন আহমেদ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মামুন ইক্ৰামূল হক চৌধুৰী, জিলা পৰিষদৰ সদস্য সুনিটা ৰহমান । উক্ত সভাতো উপস্থিত ৰাইজৰ মাজত বাল্য বিবাহ, ঘৰতে হোৱা প্ৰসৱ, জাপানীজ এনকেফেলাইটিজ আৰু ক'ভিড ১৯ ভেকচিনৰ ওপৰত সজাগতা সভাৰ আয়োজন কৰা হয় লগতে প্ৰসূতি মাতৃ আৰু শিশুসকলৰ। বাবে বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয় । উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ গুনীন গগৈয়ে বাল্য বিবাহ আৰু ঘৰতে হোৱা প্ৰসৱৰ ওপৰত মন্তব্য ৰাখি কয় - " ভাৰতবৰ্ষত বাল্যবিবাহ বুলিলে ১৮ বছৰৰ তলৰ ছোৱালী আৰু ২১ বছৰ বয়সৰ ল'ৰাই বিবাহপাশত আবদ্ধ হোৱাটোক কয় ।আইনগতভবে ল’ৰাৰ বিবাহযোগ্য বয়স হৈছে ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰ। ভাৰতীয় অইন অনুসৰি এটা পক্ষ আইনমতে নিৰ্ধাৰিত কৰা বয়সতকৈ যদি কম বয়সত বিবাহ-পাশত আবদ্ধ হয়, তেনেহ’লে সেই বিবাহ অবৈধ । The Child Marriage Prohibition Act, 2006 অনুসৰি কোনো পুৰুষে যদি ১৮ বছৰতকৈ কম বয়সৰ ছোৱালী বিয়া কৰাইছে তেন্তে তেওঁৰ এই আইনৰ অধীনৰ ধাৰা ৯ অনুসৰি ২ বছৰৰ জেল আৰু ১ লাখ টকালৈ জৰিমনা হব পাৰে। এই আইনৰ ধাৰা ১০, ১১ অনুসৰি যিসকলে এই বাল্য বিবাহ অনুষ্ঠিত কৰে, বাল্য বিবাহ কৰিবলৈ নিৰ্দেশ দিয়ে, উচতনি দিয়ে, প্ৰচাৰ কৰে আৰু অনুমতি দিয়ে সেইসকলৰো ২ বছৰৰ জেল আৰু ১ লাখ টকালৈ জৰিমনা হব পাৰে ।
ডাক্তৰ গুনীন গগৈয়ে আৰু কয় - "এগৰাকী কম বয়সত বিয়া হোৱা ছোৱালীয়ে অপৈনত বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয়। মৰ্য্যদা, ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আৰু সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়। কম বয়সত বিয়া হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায়। বাল্য বিবাহ, লিংগ-বৈষম্য, ৰোগ আৰু দৰিদ্ৰতাৰ পৰিচক্ৰ গঢ়ি তোলে।" শাৰীৰিকভাৱে অপৰিপক্ক বয়সত ছোৱালী বিয়া হোৱাৰ ফলত প্ৰসূতিৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ কাৰক বুলি ডাক্তৰ গুনীন গগৈয়ে মন্তব্য কৰে । লখিমপুৰ জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাক্তৰ জগদীশ গোস্বামীয়ে কয় যে ঘৰতে হোৱা প্ৰসৱ এগৰাকী প্ৰসূতি মাতৃ তথা নবজাতকৰ বাবে অতি বিপদজনক ।"আমি সকলো ৰাইজে প্ৰসৱ কাৰ্য্য যাতে স্বাস্থ্যকেন্দ্ৰতে কৰা হয় তাৰ বাবে আগবাঢ়ি আহিব লাগে আৰু নিশ্চিত কৰিব লাগে যে সকলো শিশু স্বাস্থ্যকেন্দ্ৰসমূহতে জন্মলাভ কৰে ।," তেওঁ কয় । ক'ভিড ভেকচিন অমৃত মহোৎসৱ সম্পৰ্কে মন্তব্য কৰি ডাক্তৰ জগদীশ গোস্বামীয়ে কয় - "দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আৰম্ভ হোৱা ক'ভিড টিকাকৰণৰ অমৃত মহোৎসৱৰ জৰিয়তে ১৫ জুলাইৰ পৰা ৭৫ দিনলৈ ১৮ৰ পৰা ৫৯ বছৰৰ বয়সৰ ব্যক্তিক বিনামূলীয়াকৈ চৰকাৰী কেন্দ্ৰত ক'ভিড ১৯ৰ সতৰ্কতামূলক অৰ্থাৎ ৩য় পালি ভেকচিন প্ৰদান কৰা হব । উল্লেখ্য যে ইয়াৰে আগত ৬০ বছৰৰৰ উৰ্ধৰ, স্বাস্থ্যকর্মী তথা আগশাৰীৰ কৰ্মীসকলৰ বাবেহে ক'ভিড ১৯ৰ সতৰ্কতামূলক অৰ্থাৎ ৩য় পালি বিনামূলীয়া আছিল । তদুপৰি ১২ ঊৰ্ধৰ শিশু সকলক চৰকাৰী টিকাকৰণ কেন্দ্ৰ লগতে বিদ্যালয় সমূহত ক'ভিড ভেকচিন প্ৰদান কৰা হৈ আছে । ৰাইজে আগবাঢ়ি আহি "ক'ভিড টিকাকৰণৰ অমৃত মহোৎসৱ" সফল কৰি ক'ভিড ১৯ক পৰাজিত কৰিবলৈ আহ্বান জনালোঁ ।" ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান লখিমপুৰৰ জিলা আঁচনি প্ৰবন্ধক দেবাঙ্গ বিকাশ গগৈয়ে আগন্তুক দিনটো জিলাখনত বাল্যবিবাহ ৰোধৰ বাবে এনে ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিয়ে ।

Post a Comment

0 Comments