ষ্টাফ ৰিপৰ্টাৰ,
কাকপথাৰ ১১ জুলাই: কাকপথাৰ ডিৰাকত অৱস্থিত পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আৰ্দশ মহাবিদ্যালয়ত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় । ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ থানুৰাম মজিন্দাৰে । স্থানীয় বিধায়ক বলিন চেতিয়াই মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজ-পাৰ সংৰক্ষণৰ উদ্দেশ্যে এটা সংগ্ৰাহলয় মুকলি কৰে বিধায়ক গৰাকীয়ে । লগতে বিগত দুটা বৰ্ষত মহাবিদ্যালয়ৰখনে কৰি অহা কৰ্মৰ খতিয়ানৰ ওপৰত LANDSCAPE নামেৰে এখন NEWS LETTER মুকলি কৰে কাকপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল কলিতাই । মহাবিদ্যালয় খনৰ তৰফৰ পৰা সুখ্যাৰ্তীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোচা, মান পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ জীৱনৰ ওপৰত বক্তব্য ৰাখে । উল্লেখযোগ্য যে প্ৰথম বাৰৰ বাবে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হোৱা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ১০০% উত্তীৰ্ণ হৈ বৃহত্তৰ কাকপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
0 Comments