TOP NEWS

6/recent/ticker-posts

Header Ads Widget

প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাৰ আশু আৰোগ্য কামনা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ১২ জুলাই: অসমৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী, লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰপৰা চাৰিবাৰকৈ বিধায়ক হোৱা প্ৰেমধৰ বৰা বাৰ্ধক্যজনীত কাৰণত আক্ৰান্ত হৈ যোৱা ২ জুলাইৰ পৰা ডিব্ৰুগড়স্থিত আস্থা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।অসমৰ বৰ্ষীয়ান সৎ ৰাজৰ্নীতিবিদ প্ৰেমধৰ বৰাৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কোচ-ৰাজবংশী সংগ্ৰাম সমিতি চমুকৈ কে আৰ এছ এছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী-সভাপতি, যুৱ-সাহিত্যিক ৰূপজ্যোতি দত্তই নব্বৈ ঊদ্ধৰ প্ৰতিষ্ঠিত সৎ ৰাজৰ্নীতিবিদ, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা অনতি বিলম্বে সুস্থ হৈ পুনৰ আগৰ দৰেই অসমৰ সমাজ জীৱনত উৎজ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকিব বুলি আশা ব্যক্ত কৰিছে। কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰথিতযশা ৰাজৰ্নীতিবিদ গৰাকীৰ শতায়ু কামনা কৰি পৰম কৰুণাময় প্ৰভূ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। অন্যহাতে আন এক বিবৃতিযোগে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ-সভাপতি হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া, প্ৰচাৰ সম্পাদক ভৱানন্দ ৰাজখোৱাই প্ৰেমধৰ বৰাৰ দ্ৰুত আশু আৰোগ্য কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে

Post a Comment

0 Comments