TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চন্দ্ৰপ্ৰভা পাণ্ডেক ৰাজহুৱা ক্ষমা খোজাৰ দাবী গোৰ্খা স্বায়ত্ত শাসন দাবী সমিতিৰ

ষ্টাফ ৰিপ'ৰ্টাৰ, ধেমাজি, জুন ১৭: স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তি উদযাপনৰ বাবে ভাৰত চৰকাৰে ৰূপায়ণ কৰি অহা " আজাদি কা অমৃত মহোৎসৱ"ৰ অংশ হিচাপে সৰ্বভাৰতীয় মহিলা সংঘই নতুন দিল্লীত অনুষ্ঠিত কৰিব লগীয়া সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা পশ্চিমবঙ্গৰ কালেংপুঙ জিলাৰ এটা সাংস্কৃতিক দলক নেপালী অথবা গোৰ্খা ভাষাক অভাৰতীয় ভাষা বুলি অভিহিত কৰি অংশগ্রহণৰ পৰা বঞ্চিত কৰি ৰাখে সৰ্বভাৰতীয় মহিলা সংঘৰ কাৰ্যকৰী সদস্যা চন্দ্ৰপ্ৰভা পাণ্ডেই। এনে কাৰ্য্যৰ ঘোৰ বিৰোধিতা কৰি ইয়াক সম্পূৰ্ণ অসাংবিধানিক,অনৈতিক, অগণতান্ত্ৰিক তথা ভাৰতীয় সভ্যতাৰ পৰিপন্থী বুলি অভিহিত কৰিছে গোৰ্খা স্বায়ত্তশাসন দাবী সমিতিয়ে। গোৰ্খা স্বায়ত্তশাসন দাবী সমিতিৰ সভাপতি হৰ্কবাহাদুৰ ছেত্ৰীয়ে প্ৰেছ বিবৃতি জৰিয়তে কয় ভাৰতবৰ্ষত যুগ যুগ ধৰি বসবাস কৰি অহা গোৰ্খাসকলৰ ভাষাটো ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। কাশ্মীৰৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলত সিচঁৰিত হৈ বসবাস কৰি অহা গোৰ্খা সকল হৈছে হিমালয় পৰ্বতমালা তথা পাদদেশৰ আদিম জনজাতি।গোৰ্খা সকলে যুগে যুগে ভাৰতীয় হিচাপে আগবঢ়োৱা ত্যাগ আৰু বলিদানৰ ইতিহাস বুৰঞ্জীৰ পাতে পাতে স্বৰ্নিল আখৰেৰে খুদিত হৈ আছে আৰু ইয়াক অধ্যয়ন কৰি বোধগম্য কৰাটো প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য বুলি কৈ ৰামসিং ঠকুৰী,যিজনা মহান স্বাধীনতা সংগ্ৰামীয়ে ৰাষ্ট্ৰীয় সংগীতত সুৰ প্ৰদান কৰিছিল তেওঁৱেই বংশধৰক বিদেশী সজাই অপমান কৰা কাৰ্য্যক ভাৰতৰ গোৰ্খা সকলে কশ্মিনকালেও ক্ষমা নকৰে বুলি উল্লেখ কৰি ইতিমধ্যে সৰ্বভাৰতীয় মহিলা সংঘৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকাই চন্দ্ৰপ্ৰভাৰ বক্তব্য সংগঠনৰ বক্তব্য নহয় বুলি প্ৰকাশ কৰি পশ্চিমবঙ্গৰ গোৰ্খাসকলৰ পৰা ক্ষমা মাৰ্জনা বিচৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে কিন্তু অতিশীঘ্ৰে চন্দ্ৰপ্ৰভা পাণ্ডেই সমগ্ৰ দেশৰ গোৰ্খা সকলৰ ওচৰত নিৰ্চত ক্ষমা খোজক আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে এই কাৰ্য্যৰ বাবে দোষীক উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে গোৰ্খা স্বায়ত্তশাসন দাবী সমিতিয়ে।

Post a Comment

0 Comments