ষ্টাফ ৰিপ'ৰ্টাৰ,
ধেমাজি, জুন, ১৭: চিচিবৰগাঁৱৰ এগৰাকী ২৯ বছৰীয়া যুৱতী । নাম বেউলা মজুমদাৰ । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিগত তেৰটা বছৰে বিচনাত পৰি কাল কটাবলগীয়া হৈছে এইগৰাকী বেউলা মজুমদাৰে । তেৰ বছৰৰ আগতে এইগৰাকী যুৱতী আপোনাৰ-মোৰ দৰেই আছিল এগৰাকী চফল, প্ৰাণোচ্ছল কিশোৰী । নাছিল কোনো ৰোগ । মেট্ৰিক পৰীক্ষাৰ বাবে টেষ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতে হঠাৎ অসুস্থ হৈ পৰে যুৱতীগৰাকী । হাত-ভৰিসমূহ সৰু হৈ যায়, উঠিব-বহিব নোৱাৰা হয় । আৰু তেতিয়াৰেপৰা বিচনাত শুই শুই কাল কটাইছে বেউলাই । প্ৰথম অৱস্থাত বহুতো চিকিৎসা কৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৱে । কিন্তু একো সুফল নাপালে । থাকিবলৈ এটা ঘৰ অথবা অকণমান ভেটিৰ মাটিও নাই পৰিয়ালটোৰ । আনৰ মাটিত এটা জুপুৰি সাজি অতি দুৰ্বিসহ কাল যাপন কৰিছে পৰিয়ালটোৱে । ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ সম্বল বেউলাৰ পিতৃ শম্ভূ মজুমদাৰৰ কিছু বছৰৰ পূৰ্বে মৃত্যুৰ পিছত অবৰ্ণনীয় সমস্যাৰ মাজত জীৱন কটাইছে পৰিয়ালটোৱে । কিন্তু আজিলৈকে পৰিয়ালটোৰ ওপৰত চকু পৰা নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ । চৰকাৰী সহাৰ্য্যৰ নামত কেৱল এখন BPL কাৰ্ড আৰু মাতৃৰ নামত এটা অৰুণোদয় একাউন্টৰ বাহিৰে অন্য কোনো চৰকাৰী সাহাৰ্য্য লাভ কৰা নাই পৰিয়ালটোৱে । বেউলাৰ চিকিৎসাৰ বাবে অক্ষম পৰিয়ালটোক চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ তথা জনপ্ৰতিনিধিসকলক আহ্বান জনাইছে স্থানীয় ৰাইজে ।
0 Comments