ষ্টাফ ৰিপৰ্টাৰ,
গুৱাহাটী ২৯ জুন ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অত্যাধুনিক ব্যায়ামগাৰ আৰু অভ্যৰ্থনা কক্ষৰ শুভ উদ্বোধন তথা পাৰ্কিং আৰু বাণিজ্যিক চৌহদৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আজিৰ দিনটো অসম ক্ৰিকেট সন্থা আৰু অসমৰ ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন৷ তেওঁ কয় যে অসম চৰকাৰে অসম ক্ৰিকেট সন্থাক প্ৰদান কৰা ১১ বিঘা মাটিত ৭০০খন যান-বাহন ৰাখিব পৰাকৈ পাৰ্কিং, শ্বপিংমল, হোটেল নিৰ্মাণ হৈ উঠিব আৰু ইয়াৰ জৰিয়তে এই ষ্টেডিয়ামৰ আন্তঃগাঁথনিয়ে এক নতুন মাত্ৰা লাভ কৰাৰ লগতে অসম ক্ৰিকেট সন্থাক আৰ্থিক সচ্ছলতা প্ৰদান কৰিব৷ অসম ক্ৰিকেট সন্থাই ইতিমধ্যে ২০খন ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ কাম হাতত লৈছিল আৰু ইয়াৰে গোলাঘাট আৰু আমিনগাঁৱৰ ষ্টেডিয়াম দুখন নিজে উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰা বুলি তেওঁ কয়৷ ৰেইন প্ৰফ ক্ৰীড়া অনুশীলন ক্ষেত্ৰখনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ইয়াৰ জৰিয়তে বৰ্ষাকালীন পৰিৱেশতো খেলুৱৈসকলে অবিৰতভাৱে খেলৰ সুযোগ লাভ কৰিব পাৰিব৷ সভাত তেখেতে কয় যে ক্ৰিকেটৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসম দ্ৰুত গতিত আগবাঢ়িছে৷ অসম ক্ৰিকেট সন্থাৰ ২০খন খেলপথাৰত ২০টা প্ৰশিক্ষণ কেন্দ্ৰ আৰু এই প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ মাজত আন্তঃপ্ৰশিক্ষণ কেন্দ্ৰ টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি প্ৰতিভাবান খেলুৱৈ চিনাক্ত কৰি যাবলৈ তেওঁ ভাষণত পৰামৰ্শ আগবঢ়ায়৷ ৰাজ্য চৰকাৰে ৫০ কোটি টকা ব্যয়ৰে ১০খন জিলা ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত ক্ৰীড়াৰ শক্তিশালী পৰিৱেশ গঢ়ি তুলিবলৈ ৩৩টা ক্ষুদ্ৰ খেলো ইণ্ডিয়া কেন্দ্ৰ গঠনত অনুমতি প্ৰদান কৰিছে৷ যোৰহাট ষ্টেডিয়ামক আটক ধুনীয়াকৈ নিৰ্মাণৰ বাবে এখন আঁচনি হাতত লোৱা হৈছে বুলি উল্লেখ কৰি পূৱ গুৱাহাটীক বাদ দি অসমৰ ১২৫টা সমষ্টিত ১২ কোটিকৈ টকা অনুমোদন কৰা হৈছে বুলি তেওঁ কয়৷ ৫০খন ষ্টেডিয়াম কাম শীঘ্ৰে আৰম্ভ কৰাৰ লগতে লখিমপুৰ আৰু ডিব্ৰুগড় ষ্টেডিয়ামক অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে বুলিও তেওঁ কয়৷ আমিনগাঁৱত দুই-এদিনতে বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ এপেক্স চেণ্টাৰ মুকলি কৰি শীৰ্ষ পৰ্যায়ৰ খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়৷ ক’মেও ২৫০জন খেলুৱৈ তথা¸ প্ৰশিক্ষক থাকিব পৰাকৈ সৰুসজাইত গেমছ্ ভিলেজ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ সভাত জানিবলৈ দিয়ে৷ অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছক বাদ দিও যিকোনো বিশ্ব চেম্পিয়নশ্বিপত পদক প্ৰাপ্তসকলক ক্ৰীড়া পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰতো খেলুৱৈৰ পদ সংৰক্ষণৰ দিশতো চিন্তা-চ২৬১্া কৰি থকা হৈছে৷

পৰৱৰ্তী অলিম্পিক পৰ্যন্ত লাভলীনা বৰগোহাঁইৰ প্ৰশিক্ষণত নিয়োজিত ব্যক্তিগত প্ৰশিক্ষক গৰাকীক প্ৰতিমাহে ২.প্ত লাখ টকাকৈ প্ৰদান কৰিবলৈ পদক্ষেপ লোৱাৰ লগতে দৌৰবিদ হিমা দাস আৰু অম্লান বৰগোহঁাইক প্ৰশিক্ষণৰ বাবে সাহায্য প্ৰদান কৰা হৈছে বুলি তেওঁ কয়৷ অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা এই সভাত শলাগৰ শৰাই আগবঢ়াই অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই৷ অনুষ্ঠানত সাম্প্ৰতিক বান পৰিস্থিতিত বিপৰ্যস্ত হৈ পৰা ডিমা হাছাও জিলাৰ বান পীড়িতৰ বাবে অসম ক্ৰিকেট সন্থাই প্ৰদান কৰা প্ত লাখ টকাৰ চেক্ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচৰ হাতত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে অৰ্পণ কৰে৷ বিপদৰ সময়ত বান বিধবস্ত ৰাইজৰ সহায়ৰ বাবে অসম ক্ৰিকেট সন্থাই প্ৰদৰ্শন কৰা এনে সামাজিক চেতনাবোধক তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰীক্ষিত দত্ত, কোষাধ্যক্ষ ত্ৰিদিপ কোঁৱৰ, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য শৈবাল সেন, নৱ কোঁৱৰ প্ৰমুখ্যে ক্ৰীড়ামোদী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ মুখ্যমন্ত্ৰীয়ে আজি নিৰ্মীয়মান ক্লাৱ হাউছটোও পৰিদৰ্শন কৰে৷ ৰেইন প্ৰ’ফ ক্ৰীড়া অনুশীলন ক্ষেত্ৰখন উদ্বোধন কৰাৰ পিছত সন্থাৰ বিষয়ববীয়া আৰু খেলুৱৈসকলৰ সৈত ক্ৰীড়া পথাৰত বেট হাতত লৈ সকলোকে উৎসাহিত কৰে মুখ্যমন্ত্ৰীয়ে৷
0 Comments