অভিজিৎ চলিহা,
গুৱাহাটী, ৩০ জুন ঃ ‘বৰ্তমানৰ পৰিস্থিতিত সমগ্ৰ বিশ্বই স্বাস্থ্যসন্মত খাদ্যৰ সন্ধানত আছে যিবোৰ খাদ্য সুৰক্ষা আৰু গুণগত মানত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সমতুল্য৷ ৰাসায়নিক সাৰমুক্ত অথবা অন্যান্য দুষিত পদাৰ্থৰ পৰা মুক্ত খাদ্য সামগ্ৰীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলে বিশ্বৰ বাবে জৈৱিক খাদ্যৰ প্ৰধান যোগানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে৷ ’- আজি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভাৰতৰ মছলা ব’ৰ্ডৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা-বিক্ৰেতা সভা আৰু মছলা সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ এই সন্মিলনত সমগ্ৰ উত্তৰ-পূবৰ আগশাৰীৰ বিদেশী ক্ৰেতা, প্ৰধান ১৫ানিকাৰক, কৃষক আৰু ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শনৰ আধাৰত আয়োজিত এই সন্মিলনৰ ভাৰতৰ পৰম্পৰাগত মছলা, বনৌষধি আৰু ঔষধি উদ্ভিদৰ সমৃদ্ধ ঐতিহ্যক সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰাৰ লগতে অঞ্চলটোৰ পৰা মছলা, মছলাগুৰি আৰু অনুৰূপ সামগ্ৰীৰ বৃদ্ধি আৰু বিকাশৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছিল৷ থলুৱাভাৱে উৎপাদিত মছলাৰ বাবে ভাৰত বিশ্বপ্ৰসিদ্ধ বুলি উল্লেখ কৰি ড॰ শৰ্মাই কয় যে দেশৰ মছলা আৰু বনৌষধিয়ে ৰন্ধন প্ৰক্ৰিয়াৰ উপৰি অন্যান্য দিশতো বিশেষ ভূমিকা পালন কৰে৷ তেওঁ কয় যে চিকিৎসামূলক গুণ থকা বাবে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবেও ইয়াক নিয়মিতভাৱে ব্যৱহাৰ কৰা হয়৷ তেওঁ লগতে কয় যে আন্তৰ্জাতিক মানকৰণ সংস্থাই তালিকাভূক্ত কৰা ১০৯ বিধ মছলাৰ ভিতৰত ভাৰতত প্ৰায় ৭৫ বিধ মছলা উৎপাদন কৰা হয়৷ দেশখনে আজি বিশ্বৰ সৰ্ববৃহৎ মছলা উৎপাদক, উপভোক্তা আৰু ১৫ানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে৷ তেওঁ কয় যে সামগ্ৰিকভাৱে বিগত কিছু বছৰৰ পৰা বিভিন্ন ধৰণৰ মছলাৰ উৎপাদন দ্ৰুত গতিত বৃদ্ধি পাইছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে গুণগত মানসম্পন্ন হোৱাৰ লগতে জৈৱিক বুলি স্বীকৃত হোৱাৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলে বিশ্ব মানচিত্ৰত এক বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ অঞ্চলটোৰ মছলাসমূহৰ এক বিশেষ বৈশিষ্ট্য থকা বাবে বিশ্বব্যাপি ইয়াৰ চাহিদা থকাৰ লগতে বিশেষ স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত বছৰি প্ৰায় ৩.ৰ লাখ মেট্ৰিকটন মছলা উৎপাদন হয়৷ আদা, হালধি, সৰিয়হ, জলকীয়া আদি মছলা উৎপাদনত ৰাজ্যখনৰ এক বৃহৎ অংশ জড়িত হৈ আছে৷ তেওঁ লগতে কয় যে অসম উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হোৱাৰ লগতে উন্নত যোগাযোগ আৰু দ্ৰুত বিকাশশীল আন্তঃগাঁথনিৰ সুবিধাৰ সৈতে মছলাৰ প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ বাবে এক প্ৰধান কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্যখনে ভৱিষ্যতে অন্যতম প্ৰধান ১৫ানি কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপক আগুৱাই নিয়াৰ বাবে ‘এখন জিলাত এটা উৎপাদন’ আঁচনি [অ’ ডি অ’ পি]ৰ কাৰ্যকৰীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে অ’ ডি অ’ পিৰ অধীনত অসমৰ কেইবাখনো জিলাত মছলা জাতীয় শস্য উৎপাদনৰ দিশত অগ্ৰাধিকাৰৰ শস্য হিচাপে চিহ্নিত কৰিছে৷ তেওঁ লগতে কয় যে বঙাইগাঁৱৰ পৰা হালধি, দৰং, ধেমাজি, ডিব্ৰুগড় আৰু মাজুলীৰ জিলাৰ বাবে সৰিয়হ আৰু সৰিয়হৰ সামগ্ৰী, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাওত আদা উৎপাদন, ধুবুৰী আৰু যোৰহাট জিলাত জলকীয়া উৎপাদন কৰিব পৰা জিলা হিচাপে চিনাক্ত কৰা হৈছে৷ গুৱাহাটীত মছলাৰ বাবে এটা গুণগত মূল্যায়ন পৰীক্ষাগাৰ আৰম্ভ কৰাৰ বাবে মছলা ব’ৰ্ডে লোৱা পদক্ষেপক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষাগাৰে উত্তৰ-পূৰ্বাঞ্চলত মছলা জাতীয় শস্যৰ বিকাশ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷ তেওঁ লগতে কয় যে এই পৰীক্ষাগাৰৰ জৰিয়তে অত্যাধুনিক পৰীক্ষণ উপলব্ধ হ’ব আৰু যিয়ে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে সমতুল্য পৰ্যায়ত এক সুবিধা প্ৰদানৰ দিশতো প্ৰভাৱ পেলাব৷ মছলা প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু উদ্যোগ নথকা বাবে বৰ্তমানৰ বেছিভাগ উৎপাদিত সামগ্ৰী কেঁচা অথবা অৰ্ধ প্ৰক্ৰিয়াকৃত পৰ্যায়ত বাহিৰলৈ যায়৷ ফলত কৃষক আৰু উৎপাদকৰ আয় বহুগুণে হ্ৰাস পায় বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে মছলা ব’ৰ্ড, কৃষক উৎপাদন সংস্থা আৰু কৃষিৰ লগতে উদ্যোগ বিভাগৰ মাজত সমন্বয়ৰ বাতাবৰণ অধিক শক্তিশালীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ বৃহৎ ইলাছী উৎপাদনশীলতা বঁটা প্ৰদান কৰাৰ লগতে মেঘালয়ৰ পদ্মশ্ৰী বঁটা প্ৰাপক ত্ৰিনিতি চাইঅ’ আৰু নানাড্ৰো ডি মাৰাকক সম্বদ্ধৰ্না জনায়৷ উল্লেখ্য যে মছলা খণ্ডত কৰা উৎকৃষ্ট কামৰ বাবে দেশৰ চতুৰ্থ অসামৰিক বঁটা তেওঁলোকক প্ৰদান কৰা হৈছে৷ ভাৰতীয় মছলা ব’ৰ্ডৰ সম্পাদক টি সাথিয়ানে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ কৃষি মন্ত্ৰী টাগে টাকি, অসম চৰকাৰৰ কৃষি বিভাগৰ আয়ুক্ত সচিব ড॰ ওম প্ৰকাশেও ভাষণ প্ৰদান কৰে৷ আনহাতে, অনুষ্ঠানত স্পাইছ ব’ৰ্ড অৱ ইণ্ডিয়াৰ সঞ্চালক এ বি ৰীমাশ্ৰীয়ে শলাগৰ শৰাই আগবঢ়ায়৷
0 Comments