মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অবিৰতভাৱে
কঠোৰ পদক্ষেপ চলাই যাব :
মুখ্যমন্ত্ৰী
দিছপুৰ,
২৩ জুলাই : মুখ্যমন্ত্ৰী ড॰ হিমন্ত
বিশ্ব শৰ্মাই কয় যে
ড্ৰাগছ আৰু গৰুৰ চোৰাং
বেহা বন্ধ কৰাৰ সমান্তৰালভাৱে
ৰাজ্যখনৰ পৰা অবৈধ মানৱ
সৰবৰাহ বন্ধ কৰাৰ বাবেও
ৰাজ্য চৰকাৰে অবিৰতভাৱে প্ৰয়াস
চলাই যাব৷ অসম প্ৰশাসনীয়
পদাধিকাৰী মহাবিদ্যালয়ত ছিকিমৰ পৰা উদ্ধাৰ
কৰা ৪০ গৰাকী শিশু
আৰু দুগৰাকী যুৱতীৰ সৈতে মত-বিনিময় কৰি মুখ্যমন্ত্ৰী
ড॰ শৰ্মাই
কয় যে জীৱনৰ সম্ভাৱনীয়তা
বহন কৰা শৈশৱক ধবংস
কৰাটো আমি কেতিয়াও সহ্য
নকৰো৷ শিশুৰ বিৰুদ্ধে চলোৱা
শোষণ নিষ্পেষণ আমি কেতিয়াও সহ্য
নকৰো৷ এই ক্ষেত্ৰত মানৱ
সৰবৰাহকাৰীৰ কৱলৰ পৰা ৪০
গৰাকী শিশু আৰু দুগৰাকী
যুৱতীক উদ্ধাৰ কৰি নিষ্ঠাৰে
যি পদক্ষেপ ল’লে তাৰ বাবে
অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান এল
আৰ বিষ্ণয় আৰু চিৰাঙৰ
আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক মুখ্যমন্ত্ৰী
ড॰ শৰ্মাই
বিশেষভাৱে ধন্যবাদজ্ঞ াপন কৰে৷ শিশুসকলৰ
সৈতে মত-বিনিময় কৰি
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে
এই শিশুসকলক তেওঁলোকৰ নূ্যনতম অধিকাৰৰ পৰা বঞ্চিত কৰা
হৈছিল আৰু তেওঁলোক বেয়া
ব্যৱহাৰৰো সন্মুখীন হৈছিল৷
এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে
কয় যে ৰাজ্য চৰকাৰে
ভৱিষ্যতে মানৱ সৰবৰাহকাৰীৰ পৰা
উদ্ধাৰ কৰা শিশুসকলৰ পুনৰ
সংস্থাপনৰ বাবে এক ৰাজ্যিক
নীতি প্ৰস্তুত কৰিব৷ এই পুনৰ
সংস্থাপন নীতিয়ে শিশুসকলৰ শৈশৱ
সুৰক্ষিত কৰি তেওঁলোকৰ মানসিক
আৰু আৱেগিক বিষয়বিলাক নিৰাময়
কৰি একো-একোগৰাকী ভৱিষ্যতৰ
যোগ্য নাগৰিক হিচাপে গঢ়ি
তোলাৰ দিশত সহায়ক হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে
কয়৷
উল্লেখ্য যে বিটিআৰৰ ভাৰত-ভূটান সীমান্তৰ চাৰিখন
গাঁৱৰ পৰা ৮০ গৰাকী
শিশুক মানৱ সৰবৰাহকাৰীয়ে লৈ
গৈছিল আৰু ইয়াৰে ৪২
গৰাকীক ছিকিমৰ পৰা অসম
আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম
হৈছে৷ ছিকিম আৰক্ষীৰ সহযোগিতাত
অসম আৰক্ষীয়ে এই ৪২ গৰাকীক
উদ্ধাৰ কৰি অসমলৈ ওভতাই
আনিছে৷ শিশু কল্যাণ সমিতিৰ
অনুমতি সাপেক্ষে ৰাজ্য চৰকাৰে এই
শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিতকৰণৰ দিশত ব্যৱস্থা গ্ৰহণ
কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে
মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অবিৰতভাৱে কঠোৰ পদক্ষেপ লোৱাৰ
ফলত বিগত দুটা মাহত
ভাৰতৰ বিভিন্ন স্থানৰ পৰা সৰ্বমুঠ
১০৭ গৰাকী শিশু আৰু
মহিলাক উদ্ধাৰ কৰিবলৈ ৰাজ্য
চৰকাৰ সক্ষম হৈছে৷ উদ্ধাৰ
কৰা শিশুসকলৰ ভাৰত-ভূটান সীমান্তত
অৱস্থিত গাঁওকেইখন তেওঁ নিজে ভ্ৰমণ
কৰি তেওঁলোকৰ পিতৃ-মাতৃসকলৰ সৈতে
মত-বিনিময়ৰ মাধ্যমেৰে তেওঁলোকৰ সমস্যাবিলাকৰ বুজ লৈ তাক
সমাধানৰ প্ৰয়াস চলাব বুলিও
মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে
দৃঢ়ভাৱে কয় যে ৰাজ্যখনৰ
পৰা মানব সৰবৰাহ সম্পূৰ্ণৰূপে
নাইকিয়া কৰাৰ বাবে ৰাজ্য
চৰকাৰ বদ্ধপৰিকৰ৷ এই সৰবৰাহৰ বিৰুদ্ধে
ৰাজ্য চৰকাৰে আৰু অধিক
অভিযান চলাই এই কাৰ্যত
জড়িত থকা ব্যক্তিৰ বিৰুদ্ধে
কঠোৰ পদক্ষেপ ল’ব বুলিও
মুখ্যমন্ত্ৰীয়ে কয়৷
এই মত-বিনিময়ৰ
সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য
প্ৰমোদ বড়ো, আৰক্ষী সঞ্চালকপ্ৰধান
ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী
সঞ্চালকপ্ৰধান এল আৰ বিষ্ণয়,
চিৰাং জিলাৰ আৰক্ষী অধীক্ষক
গৌৰৱ উপাধ্যায়ো উপস্থিত থাকে৷
0 Comments