যোৰহাট, 24 জুলাই : ‘শঙ্কৰদেৱে হৰিগৃহ স্থাপনেৰে ঈশ্বৰৰ গুণ-যশ কীৰ্ত্তন কৰাৰ হাবিয়াসেই কৰা নাছিল৷ মহেন্দ্ৰ কন্দলিৰ টোলত অৰ্জন কৰা জ্ঞান আৰু তাত উদ্ভূত বোধ-বুদ্ধিক নিজৰ মেধাৰে পখালি লোৱা দৃষ্টিদৰ্শনৰ চৰ্চাৰ এখন মুক্ত ক্ষেত্ৰৰূপে তাক গঢ়ি তুলিব বিচাৰিছিল৷ পৰৱৰ্তীকালত নামঘৰ সেয়ে হৈ উঠিল গণতান্ত্ৰিক সমাজচেতনাৰ আধাৰভূমি৷ ’ উত্তৰ-পশ্চিম যোৰহাট [শতদল] শাখা সাহিত্য সভাৰ ঐতিহ্যমণ্ডিত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি গুগুল মীটৰ মাধ্যমৰে প্ৰয়াত মুক্তিযোদ্ধা গোলাপ কাকতিৰ পবিত্ৰ স্মৃতিত আজি সন্ধিয়া ‘নামঘৰ আৰু অসমীয়া সমাজ’ শীৰ্ষক বিষয়ত এখন বক্তৃতানুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত বৰপেটাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক ড॰ মাধুৰ্য্যমণ্ডিত বৰুৱাই এইদৰে কয়৷
‘চিৰ চেনেহী মোৰ ভাষা
জননী’ গীতেৰে আৰম্ভ হোৱা
আৰু শাখা সাহিত্য সম্পাদক
নৰেন চন্দ্ৰ বৰাই আঁত
ধৰা বক্তৃতানুষ্ঠানটোত সভাপতিত্বত কৰি আদৰণি ভাষণ
প্ৰদান কৰে শাখা সভাৰ
সভাপতি ডাঃ কৃপাল কুমাৰ
শৰ্মাই৷ অসম সাহিত্য সভাৰ
প্ৰাক্তন সহকাৰী সম্পাদক তথা
বিশিষ্ট লেখক দেৱজিৎ বৰাই
সঞ্চালনা কৰা উক্ত বক্তৃতানুষ্ঠানটোত
মুখ্য অতিথি হিচাপে অংশগ্ৰহণ
কৰি নামঘৰ এছ’চিয়েশ্যন
অব আমেৰিকাৰ সভাপতি ড॰ বিনয়
কুমাৰ বৰদলৈ [বৰমেধি]-য়ে
কয়–‘আমেৰিকাত নামঘৰৰ থাপনা ২০১৬
চনত প্ৰতিষ্ঠা হৈছিল, তেতিয়া আউনীআটী
সত্ৰাধিকাৰ শ্ৰীশ্ৰী [ড॰] পীতাম্বৰ
দেৱগোস্বামী আমেৰিকালৈ প্ৰথমবাৰৰ বাবে আহিছিল৷ আমি
তেখেতক আৰু লগত অহা
ভকতসকলক ইয়াত গায়ন-বায়নেৰে
আদৰণি জনাই আমাৰ সভা
মঞ্চলৈ আদৰি আনিছিলোঁ৷ আমাৰ
ব্যক্তিগত জীৱনত সেয়া কি
যে মানসিক প্ৰশান্তি আমাৰ
বাবে বুজাব এক নোৱৰা
অনুভূতি৷ ”
বক্তৃতানুষ্ঠানত¸ নিৰ্দিষ্ট
বক্তা হিচাপে অংশগ্ৰহণ কৰি
বিশিষ্ট লেখক-সাংবাদিক তথা
‘নামঘৰ’
গ্ৰন্থৰ স্ৰষ্টা গুৱাহাটীৰ পুলিন কলিতাই কয়–“পশ্চিমৰ
কমতা আৰু কোচ ৰাজ্যৰপৰা
পূবৰ আহোম ৰাজ্যলৈকে অসমীয়া
ভাষা সৰ্বসাধাৰণৰ ভাষা আছিল; কিন্তু
তাত আছিল অজস্ৰ আঞ্চলিক
ভিন্নতা৷ দুয়োজনা গুৰুৰ ৰচনাৰ ব্যাপক
চৰ্চাই অসমীয়া ভাষাক সমৰূপতা
প্ৰদান প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিছিল৷
ভাষিক ঐক্য স্থাপনৰ এই
আৰম্ভণিৰ বাবেই মহাপুৰুষ শংকৰদেৱ
জাতিৰ জনক অভিধাৰ যোগ্য৷
”
উক্ত অনুষ্ঠানত সন্মানিত
অতিথি হিচাপে অংশগ্ৰহণ কৰে
ক্ৰমে যোৰহাট জিলা সাহিত্য
সভাৰ সভাপতি তথা শ্ৰীমন্ত
শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড॰ ৰাতুল
চন্দ্ৰ বৰা আৰু বিশিষ্ট
লেখক তথা সাহিতি্যক পেঞ্চনাৰ
হেম চন্দ্ৰ শইকীয়াই৷ অনুষ্ঠানত
নেহু বিশ্ববিদ্যালয়ৰ গৱেষিকা আত্ৰেয়ী কাশ্যপ, নাগালেণ্ডৰ বস্ক’ বি এড কলেজৰ
সহকাৰী অধ্যাপক তথা নেহু বিশ্ববিদ্যালয়ৰ
গৱেষক দীপক চন্দ্ৰ বৰা,
শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গৱেষক
দেৱাশিষ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ
সংঘৰ সম্পাদক, ডেকাগিৰী তথা গৱেষক কৈলাস
প্ৰতিম হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ
গৱেষিকা বৰষাৰাণী বৰা আৰু নতুন
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ
মহলাৰ ছাত্ৰী বৃষ্টি নেওগ
আমন্ত্ৰিত অতিথি হিচাপে অংশ
গ্ৰহণ কৰে৷ অনিমেশ নেওগে কাৰিকৰী
দিশ পৰিচালনা কৰা উক্ত অনুষ্ঠানত
নামঘৰ এছ’চিশ্যেন অব
আমেৰিকাৰ সাধাৰণ সম্পাদক শ্যাম
দেৱচৌধুৰী, অজয়
ডি. হাজৰিকা, বৰ্ড ট্ৰাষ্টী নিৰজ
কুমাৰ বৰবৰা, উত্তৰ আমেৰিকা
শাখা সাহিত্য সভাৰ সভাপতি জেবিন
এছ শ্বাহ, জিলা সাহিত্য
সভাৰ সম্পাদক মাধৱ মহন্তকে ধৰি
বহুসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংগ্ৰহণ কৰে৷ শাখা সভাৰ
সহকাৰী সম্পাদক অশান্ত ৰাতুল দত্তই
শলাগ জ্ঞাপন কৰা অনুষ্ঠান
জাতীয় সংগীতেৰে সামৰণি পৰে৷
0 Comments