TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ড্ৰাগছ আসক্তৰ পুনৰ সংস্থাপনৰ লগত জড়িত বিভিন্ন সংস্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

 


দিছপুৰ, ২৯ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত  ড্ৰাগছ প্ৰতিৰোধী ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ৰক্ষী এজেন্সি [এছএলচিএ] লগতে ১২ টা ব্যক্তিগত খণ্ডৰ পুনৰসংস্থাপনৰ কেন্দ্ৰৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্যখনত ড্ৰাগছ আসক্তৰ পুনৰসংস্থাপনৰ বিভিন্ন দিশ বিতংভাৱে আলোচনা কৰে৷ৰাজ্যখনত ড্ৰাগছ আসক্তসকলৰ বাবে পুনৰ সংস্থাপনৰ এক সংহত নীতি নথকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা সমাজ কল্যাণ বিভাগক পুনৰসংস্থাপনৰ এক সংহত নীতিৰ খচৰা অতিশীঘ্ৰে প্ৰস্তুত কৰাৰ পদক্ষেপ বলৈ নিৰ্দেশ দিয়ে৷ এই নীতি প্ৰস্তুত কৰোতে ড্ৰাগছ আসক্তি মুক্ত কৰা বিভিন্ন সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰি এই সংস্থাসমূহৰ পৰামৰ্শসমূহ অন্তৰ্ভূক্ত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে যাতে ৰাজ্য চৰকাৰে এই দিশত সঠিকভাৱে পদক্ষেপ পাৰে৷ ড্ৰাগছ আসক্তসকলৰ আসক্তিমুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পুনৰসংস্থাপনৰ দিশত সঠিক দৃষ্টিভংগীৰে আগবঢ়াৰ প্ৰয়োজন আছে৷ এই ক্ষেত্ৰত চৰকাৰৰ লগতে বিভিন্ন সংস্থাসমূহে বিজ্ঞানসন্মতভাৱে এই সংক্ৰান্তীয় বিভিন্ন দিশসমূহ চালি-জাৰি চোৱাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যাতে ড্ৰাগছ আসক্তিৰ পৰা মুক্ত ব্যক্তিসকল পুনৰ ড্ৰাগছৰ দৰে বৰবিহৰ কৱলত নপৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই দিশত আমাৰ এক সংহত ব্যৱস্থা এতিয়ালৈকে গঢ় লৈ উঠা নাই৷ ইয়াৰ বাবে চৰকাৰ আৰু সংশ্লিষ্ট সকলোৱে সমন্বয়ৰে এই ব্যৱস্থা গঢ়ি তুলিব লাগিব বুলিও তেওঁ কয়৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ আসক্তিমুক্ত তথা পুনৰসংস্থাপনৰ লগত জড়িত বিভিন্ন সংস্থাৰ কাম-কাজসমূহ পৰ্যালোচনা কৰি এই দিশত যাতে সঠিক পদক্ষেপ পৰা যায় তাৰ বাবে এক নিয়ামক কৰ্তৃপক্ষ গঠন কৰি সংশ্লিষ্ট সকলো সংস্থাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে৷ আজিৰ এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, সমাজ কল্যাণ বিভাগৰ সঞ্চালক বিভাস¸ মোদী তথা পুনৰসংস্থাপন কেন্দ্ৰসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷

Post a Comment

0 Comments