TOP NEWS

6/recent/ticker-posts

Header Ads Widget

‘গ’ ফৰ গ্লৰী, লাভলীনা’ শীৰ্ষক শুভেচ্ছামূলক অভিযানত অংশ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

 


 

দিছপুৰ, ২২ জুলাই ঃ  টকিঅ’ অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোহঁাইক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আজি গুৱাহাটীত আয়োজিত ‘গ’ ফৰ গ্লৰী, লাভলীনা’ শীৰ্ষক এক শুভেচ্ছামূলক অভিযানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বিশেষ উদ্যোগ লৈ আয়োজন কৰা এই অভিযানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দিছপুৰৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ চাইকেল চলাই অংশ লয়৷

                লাষ্টগেটত চাইকেল ৰেলীৰ শুভাৰম্ভণি কৰি  অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই লাভলীনা বৰগোহঁাইক উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ বাবে ৰাজ্যবাসীক আগুৱাই আহিবলৈ আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ক্ৰীড়া ইতিহাসত অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনা বৰগোহাঁই হৈছে অসমৰ প্ৰথমগৰাকী মহিলা এথলিট৷ তদুপৰি  আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ শিৱ থাপাৰ পিছত লাভলীনাই হৈছে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা অসমৰ দ্বিতীয় গৰাকী বক্সাৰ৷ গোলাঘাট জিলাৰ সৰুপথাৰৰ এক ভিতৰুৱা অঞ্চলৰ পৰা ওলাই আহি বিশ্ব ক্ৰীড়া জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা লাভলীনাক  অলিম্পিত তেওঁৰ প্ৰদৰ্শনৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই শুভেচ্ছা জনোৱাৰ লগতে খেলুৱৈগৰাকীয়ে বক্সিং ৰিঙত উচ্ছমানৰ প্ৰদৰ্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে৷

                ‘গ’ ফৰ গ্লৰী লাভলীনা’ শীৰ্ষক কাৰ্যসূচী আয়োজনৰ উদ্যোগ লোৱা বাবে মুখ্যমন্ত্ৰী শৰ্মাই  সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰো শলাগ লয়৷ আনহাতে কিক বক্সিঙৰে ক্ৰীড়া ক্ষেত্ৰত খোজ পেলোৱা লাভলীনাক এগৰাকী প্ৰতিভাসম্পন্ন বক্সাৰ হিচাপে চিনাক্ত কৰা প্ৰশিক্ষক  পদুম বড়োকো মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে৷

                এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই ক্ৰীড়াবিদগৰাকীৰ পিতৃ টিকেন বৰগোহাঁইক  সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ এই শুভেচ্ছামূলক অভিযানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কৃষি মন্ত্ৰী অতুল বৰা, হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষান, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্যে কেইবাগৰাকীও বিধায়কে অংশ গ্ৰহণ কৰে৷  

Post a Comment

0 Comments