বজালী,
১৫ জুলাই: বজালী জিলাৰ উপায়ুক্ত
ৰূপে দায়িত্ব গ্ৰহণ কৰিয়েই ভাৰত
ভূষণ দেৱ চৌধুৰীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা চৰকাৰী কাৰ্যালয়
, আচনি , আদিৰ সামগ্ৰিক স্হিতি আৰু সম্প্ৰতি এইবোৰ
কেনেদৰে চলি
আছে তাৰ বুজ লোৱাৰ
উদ্দ্যেশে ক্ষীপ্ৰতাৰে অভিযানত নামি পৰিছে ।
বজালী জিলাক উন্নয়ন আৰু বিকাশৰ গতিধাৰাৰে তড়িৎ
গতিত আগবঢ়াই নিবলৈ প্ৰত্যাহ্বান গ্ৰহণ কৰা উপায়ুক্ত গৰাকীয়ে চৰকাৰী আচনিৰ সুফল পূৰ্ণ
শতাংশই জনসাধাৰণে যাতে লাভ কৰিব পাৰে তাৰ
ওপৰত
গুৰুত্বাৰোপ কৰিছে ।
উপায়ুক্ত গৰাকীয়ে বজালী জিলাৰ জল
জীৱন মিছনৰ অধীনস্হ
ভালুকী পানী যোগান আচনি পৰিদৰ্শন কৰে । এই আচনি খনৰ দ্বাৰা জনসাধাৰণ
উপকৃত হৈছে নে হোৱা নাই সেই বিষয়ৰ উমান লবলৈ উপায়ুক্ত
গৰাকীয়ে মানুহৰ ঘৰলৈ গৈ অনুসন্ধান
কৰাৰ লগতে স্হানীয় ৰাইজৰ সৈতেও
মত বিনিময় কৰে । এই পৰিদৰ্শন
কালত উপায়ুক্ত গৰাকীয়ে এটা অঙ্গনবাড়ী
কেন্দ্ৰও পৰিদৰ্শন কৰে ।
উপায়ুক্তৰ সতে কাৰ্যবাহী দণ্ডাধীশ আয়াজ তনবীৰ আলম আৰু জনস্বাস্হ্য
কাৰিকৰী বিভাগৰ পাঠশালা সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিতুল তালুকদাৰো
উপস্হিত থাকে ।
ব্যাপক সতৰ্কতা আৰু তৎপৰতাৰে কভিড সংক্ৰমণ দ্ৰতগতিত হ্ৰাসকৰণৰ বাবে বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কাৰ্যব্যৱস্হা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে লাহে
লাহে বজালীত কভিডৰ সংক্ৰমণ কমি আহিছে যদিও যোৱা দহ জুলাইত জিলাখনৰ উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা উপায়ুক্ত গৰাকীয়ে এই যুদ্ধক এক প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰিছে । উপায়ুক্ত দেৱ চৌধুৰীয়ে পাটাছাৰকুছিস্হিত নিৰ্মল হালৈ মহাবিদ্যালয়ত স্হাপন কৰা কভিড কেয়াৰ কেন্দ্ৰটো পৰিদৰ্শন কৰে । উল্লেখ্য যে কেন্দ্ৰটোত পঞ্চাশখন বিচনা সাজু কৰি ৰখা হৈছে আৰু সম্প্ৰতি এই কেন্দ্ৰটোত আঠাইশ গৰাকী কভিড ৰোগীক চিকিৎসা কৰি থকা হৈছে । ইয়াৰ পাছতেই উপায়ুক্ত গৰাকীয়ে নিত্যানন্দস্হিত খণ্ড প্ৰাথমিক চিকিৎসালয় পৰিদৰ্শন কৰে আৰু চিকিৎসালয়খনৰ সামগ্ৰিক পৰিবেশ , প্ৰতিষেধক প্ৰদানৰ কাৰ্যব্যৱস্হা সম্পৰ্কে বুজ লয় । লগতে চিকিৎসালয়খনৰ ষ্টাফৰ আৱাস গৃহ , এম্বুলেন্স সেৱা আদিৰ বিষয়েও চিকিৎসকৰ
সৈতে আলোচনা কৰে ।
0 Comments