সৰুপেটা,
৫ জুলাইঃ বি. এইচ.
বি মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা
দিৱসৰ লগত সংগতি ৰাখি
অসমীয়া বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে
‘অসমীয়া সাহিত্য, সম্পদ আৰু সম্ভাৱনা’ শীৰ্ষক
এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত
হৈ যায়৷ বি এইচ
বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী
অধ্যাপক তথা সমন্বয়ক প্ৰীতি
ৰেখা দত্তই আঁত ধৰা
ৱেব সন্মিলনখনি মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী
ড॰ কল্পনা
বৈশ্যৰ আদৰণী ভাষণেৰে শুভাৰম্ভ
হয়৷ ইয়াৰ পাছতেই বি.এইচ.বি মহাবিদ্যালয়ৰ
অধ্যক্ষ তথা লেখক ড॰ বিৰিঞ্চি
কুমাৰ দাসে উদ্বোধনী ভাষণ
প্ৰদান কৰে৷ ড॰
দাসে অসমীয়া সাহিত্যৰ ইতিহাস,
বিৱৰ্তন আৰু বিকাশ সম্পৰ্কে
এক চমু আলোকপাত কৰে৷
শংকৰী যুগৰ অসমীয়া সাহিত্যৰ
লগতে অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ
অৱদান সম্পৰ্কেও তেওঁ যথেষ্ট মনোজ্ঞ
আলোচনা আগবঢ়াই৷ জোনাকী যুগতে অসমীয়া
সাহিত্যত ৰোমাণ্টিকতাৰ আৰম্ভণি হয় বুলিও তেওঁ
মন্তব্য কৰে৷ ভাষণ
প্ৰসংগত তেওঁঁ টি এছ
এলিয়ট, জেম্ছ জৰ্জ
ভেৰিয়া, উইলিয়াম শ্বেইকছপীয়েৰ আৰু আমেৰিকান সাহিত্যৰ
বিভিন্ন প্ৰসংগ উত্থাপন কৰে৷
ৱেব সন্মিলনখনিৰ সমল ব্যক্তি হিচাপে
উপস্থিত থাকি নগাঁৱৰ আনন্দৰাম
ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী
বিভাগৰ সহকাৰী অধ্যাপক, সমালোচক,নিবন্ধকাৰ তথা লেখক অৰিন্দম
বৰকটকীয়ে অসমীয়া সাহিত্যৰ ইতিহাস,
সম্পদ আৰু সম্ভাৱনাসমূহৰ বিষয়ে
ব্যাখ্যা আগবঢ়ায়৷ বৰকটকীয়ে চৰ্যাপদৰ পৰা আৰম্ভ কৰি
প্ৰাক শংকৰী, শংকৰী, জোনাকী,
ৰামধেনু যুগৰ পৰা সাম্প্ৰতিক
অসমীয়া সাহিত্যৰ বিকাশ আৰু বিৱৰ্তনৰ
উল্লেখনীয় দিশসমূহৰ বিষয়ে এক মননশীল
আলোচনা আগবঢ়ায়৷ বৰকটকীয়ে অসমীয়া ভাষা আৰু
সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত অসমীয়া
ভাষা উন্নতি সাধিনী সভাৰ
অৱদান, খ্ৰীষ্টান মিছনেৰীসকলৰ গুৰুত্বপূৰ্ণ অৱদান সম্পৰ্কে আলোচনা
কৰাৰ লগতে অৰুনোদয় সম্পৰ্কেও
কেতবোৰ গুৰুত্বপূৰ্ণ দিশ অালোকপাত কৰে৷
বৰকটকীয়ে অতিমাৰী,সমাজ অাৰু সাহিত্য
সম্পৰ্কেও কিছু তথ্যসমৃদ্ধ আলোচনা
আগবঢ়াই অংশগ্ৰহণকাৰীসকলক বৌদ্ধিক খোৰাক যোগায়৷ গুগ’ল মিট
আৰু ইউ টিউব লাইভৰ
জৰিয়তে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বেৱ
সন্মিলনখনিত অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ
প্ৰায় ৩৮০ গৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষক, অধ্যাপক, সাহিত্যনুৰাগীয়ে অংশ গ্ৰহণ কৰে৷
উল্লেখ্য যে, কভিড সৃষ্ট
এই অতিমাৰীৰ সময়ছোৱাত বি.এইচ.বি
মহাবিদ্যালয়ে বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ
ৱেবিনাৰ আয়োজন কৰি আহিছে
যি শিক্ষাৰ্থীৰ লগতে শিক্ষক তথা
সমাজৰ চিন্তাশীল লোকৰ মানসিক উৎকৰ্ষ
সাধনৰ লগতে বৌদ্ধিক উত্তৰণত
সহায় কৰি আহিছে৷ অনুষ্ঠানৰ শেষত সমন্বয়কে শলাগৰ
শৰাই আগবঢ়োৱাৰ লগতে ভৱিষ্যতেও এনেধৰণৰ
কাৰ্যসূচীত সকলোৰে উপস্থিতি তথা
সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰে৷
0 Comments