গুৱাহাটী
৭ জুনঃ
মণিপুৰত কাংপক্পিৰ এখন গাঁৱত অসম
ৰাইফলছে এজন গঞাক গুলীয়াই
হত্যা কৰাৰ পিছতেই উত্তপ্ত
হৈছে সমগ্র ৰাজ্য৷ অসম
ৰাইফলছৰ এক শিবিৰত কালি
নিশা স্থানীয় গঞাই প্রৱেশ কৰি
উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আনকি
অসম ৰাইফলছৰ এখন বাহন জ্বলাই
দিয়াৰ ফটোও ছ’চিয়েল
মিডিয়াত প্রকাশ পাইছে৷ অৱশ্যে
প্রশাসনে এইদৰে গাড়ী জ্বলোৱা
ঘটনা সন্দর্ভত কোনো ধৰণৰ তথ্য
সদৰী কৰা নাই৷
স্মর্তব্য
যে শুকুৰবাৰে দিনমজুৰ ২৬ বছৰীয়া লোকজনক
অসম ৰাইফলছৰ জোৱানে গুলীয়াই হত্যা
কৰাৰ পিছতেই অঞ্চলটো উত্তপ্ত
হৈ পৰিছে৷
ইফালে,
অসম ৰাইফলছৰ গুলীত নিহত যুৱকজনৰ
পৰিয়াললৈ ক্ষতিপূৰণ হিচাপে ১০ লাখ
টকা আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে৷ এই সন্দর্ভত
অসম ৰাইফলছৰ বিষয়ববীয়া আৰু মণিপুৰ চৰকাৰ
আৰু কেইবাটাও নাগৰিক সমিতিৰ মাজত
দীর্ঘ সময় ধৰি আলোচনা
চলে৷ ২৬ বছৰীয়া মংগৈলালক
সন্ত্রাসবাদীৰ সন্দর্ভত গুলীয়াই হত্যা কৰা বুলি
অসম ৰাইফলছে সদৰী কৰাৰ উপৰি
এই ঘটনাৰ বাবে দুখ
প্রকাশ কৰিছে৷
0 Comments