বৰপেটা, ৩০ জুন: ৰাজ্য জুৰি কোভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া পূৰ্ণোদ্যমে চলি থকাৰ মাজতে আজিৰে নতুনকৈ নিউমোনিয়া ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাতো আৰম্ভ কৰা হৈছে। শিশু সকলক নিউমোনিয়াৰ আৰু মেৰিনজাইটিছৰ পৰা ৰক্ষা কৰাৰ বাবে চমুকৈ পিভিচি নামেৰে জনাজাত এই প্ৰতিষেধক ডেৰ মাহৰ পৰা এবছৰ বয়সৰ শিশু সকলক প্ৰদান কৰা হয়। আজি বৰপেটা নগৰীয়া স্বাস্হ্য কেন্দ্ৰত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী উদ্ধোধন কৰে। এই সম্পৰ্কত দিয়া ভাষণত তেওঁ কয় যে, এটা ভেকচিনৰ আবিৰ্ভাৱ হোৱা মানে এটা ৰোগৰ পৰা মুক্তি পোৱা। নিউমোনিয়া এটা বিপজ্জনক ৰোগ। আমাৰ দেশত বছৰি প্ৰায় ডেৰ লাখ শিশু এই ৰোগত মৃত্যু মুখত পৰে। সেয়েহে ইয়াৰ পৰা ৰক্ষা পোৱাৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সাৰ্বজনীন টিকাকৰণ আঁচনিৰ অধীনত বিনামূলীয়াকৈ প্ৰদান কৰা এই প্ৰতিষেধকৰ সুবিধা নিৰ্ভয়ে গ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। লগতে মাতৃ সকলক নিজ নিজ শিশু সকলৰ সু-স্বাস্থ্য ৰক্ষাৰ বাবেই নিজেও কোভিড প্ৰতিষেধক গ্ৰহণ কৰা আৰু মাস্ক পৰিধান কৰাৰ ওপৰত সকলো সময়তে গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনায়। অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে এই প্ৰতিষেধক সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলা প্ৰতিষেধক বিষয়া ডা: ৰাজীৱ বৰবৰাই জনোৱা মতে, বৰপেটা জিলাত সম্প্ৰতি ৩৭০০ ব পৰা ৪ হাজাৰ মান এবছৰৰ অনুৰ্দ্ধৰ শিশু আছে। তেওঁলোকক প্ৰতিখন চিকিৎসালয় বা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত নিয়মীয়াকৈ এই প্ৰতিষেধক তিনিবাৰত বেজীৰে দিয়া হ'ব। উদ্ধোধনী অনুষ্ঠানত ভাষণ দি বিশ্ব স্বাস্থ্য সংস্থাৰ সমন্বয়ক ডা প্ৰাঞ্জল তামুলীয়ে কয় যে এই প্ৰতিষেধক ললে আন যিকোনো প্ৰতিষেধকৰ দৰে সাধাৰণ জ্বৰ, বিষ আদি হ'ব পাৰে। কিন্তু কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া নাথাকে। বিপৰীতে ইয়াৰ সুফল যথেষ্ট বেছি। এই প্ৰতিষেধক ২০০০ চনতে প্ৰথমে আমেৰিকাত উদ্ভাৱন কৰা হয়। ভাৰতবৰ্ষৰ কেতবোৰ ৰাজ্যত দুবছৰ পূৰ্বৰে পৰা শিশু সকলক নিয়মীয়াকৈ পি চি ভি প্ৰদান কৰি অহা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা প্ৰমথেশ শৰ্মা, ইউনিছেফৰ পৰামৰ্শদাতা ডা: প্ৰীতি সিং, বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডা গুণীন্দ্ৰ দাস প্ৰমুখ্যে ব্যক্তি সকলো এই অনুষ্ঠানত উপস্থিত থাকে।
0 Comments