TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বৃহত্তৰ অসমীয়া জাতিক তুচ্ছ-তাচিল্য কৰা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰক: কোচ-ৰাজবংশী সংগ্ৰাম সমিতি

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ৯ ছেপ্তেম্বৰ: বৰাকৰ বিতৰ্কিত বঙালী সাম্প্ৰদায়িক নেতা প্ৰদীপ দত্ত ৰয়ে পুনৰবাৰ কৰা অসম বিদ্বেষীৰে অসমীয়া জাতিক তুচ্ছ-তাচিল্যৰে কৰা মন্তব্যত তীব্ৰ ভাষাৰে গৰিহণা দিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কোচ-ৰাজবংশী সংগ্ৰাম সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই বাৰে বাৰে বিভাজনকামী, সাম্প্ৰদায়িক আৰু ভাতৃঘাতী সংঘাত সূচনা কৰিব পৰা প্ৰৰোচনামোলক বক্তব্য দিয়া প্ৰদীপ দত্ত ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। বৰাকৰ অতি সাম্প্ৰদায়িক বঙালী সম্প্ৰসাৰণবাদী তথা সন্দেহযুক্ত বাংলাদেশীৰ নেতা প্ৰদীপ দত্ত ৰয়ে শেহতীয়াভাৱে পুনৰ বাৰ কৰা মন্তব্য অসম বিদ্বেষী আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি কৰা কুঠাৰঘাট স্বৰূপ। উল্লেখ্য যে কালি আকৌ বৰাকৰ বিতৰ্কিত বঙালী সম্প্ৰসাৰণবাদী ব্যক্তি প্ৰদীপ দত্ত ৰয়ে অসমত পুনৰ অসম, অসমীয়া জাতিক তুচ্ছ-তাচিল্য কৰি বৃহত্তৰ অসমীয়া জাতিক ভেঙুচালিৰে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। বিজ্ঞপ্তিখনত বিশিষ্ট যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই কয় যে সন্দেহযুক্ত বাংলাদেশী প্ৰদীপ দত্ত ৰয়ৰ দৰে বঙালী সম্প্ৰসাৰণবাদী নেতাই সিংহভাগ সময় বৰাকত নিৰৱে সোমাই থাকি অসমীয়া ভাষা, বৃহত্তৰ অসমীয়া জাতি আৰু অসমৰ জাতীয় জীৱনত মাত মতাৰ কোনো প্ৰয়োজন অৰ্থবা নৈতিক অধিকাৰ নাই। প্ৰদীপ দত্ত ৰয়ৰ দৰে ব্যক্তিৰ প্ৰৰোচনামূলক বক্তব্যত বৃহত্তৰ অসমীয়া জাতিয়ে কানসাৰ নিদিয়ে; নিশ্চিতভাৱেই কেতিয়াও ভোল নাযায়। প্ৰদীপ দত্ত ৰয়ে অসমখনক বৃহত্তৰ বাংলাভাষী কৰাৰ অলীক স্বপ্ন কোনো কালেই বাস্তৱ নহয়। প্ৰদীপ দত্তৰ দৰে সন্দেহজনক বাংলাদেশী ব্যক্তিয়ে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বিছৰা কোনো শক্তিক অসমবাসীয়ে কেতিয়াও ক্ষমা নকৰে। স্বভিমানী, জাতীয়তাবাদী অসমবাসীয়ে সাম্প্ৰদায়িক, অসাংবিধানিক আৰু অসমীয়া জাতি ধংসী বক্তব্য সদায় বিৰোধিতা কৰি যাব। প্ৰদীপ দত্তৰ দৰে সন্দেহজনক বাংলাদেশীয়ে কিছুদিন ৰহস্যজনভাৱে নিৰৱে থাকি সুবিধা বুজি এতিয়া নিজৰ অস্তিত্ব জাহিৰ কৰিছে বুলি উল্লেখ কৰে। ইফালে প্ৰদীপ দত্ত ৰয়ে বাৰে বাৰে কৰা বিতৰ্কিত মন্তব্যৰ পিছতো অসম চৰকাৰ আৰু অসম আৰক্ষীৰ ভূমিকাতো অসন্তুষ্টি প্ৰকাশ কৰে। যি সময়ত সামাজিক মাধ্যমত সাধাৰণ কমেণ্ট, কবিতা লিখাৰ বাবেই অসম চৰকাৰ, অসম আৰক্ষীয়ে বিভিন্ন ব্যক্তি আনকি ছাত্ৰ-ছাত্ৰীকো ৰেহেই নিদি গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। সেই সময়ত প্ৰদীপ দত্ত ৰয়ৰ দৰে বিতৰ্কিত ব্যক্তিয়ে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা, অসমত ভাতৃঘাতী সংঘৰ্ষৰ প্ৰৰোচনা কৰা, অসম বিৰোধী আৰু অসমীয়া জাতি বিৰোধী বক্তব্য দিয়াৰ পিছতো মুকলি আকাশৰ তলত থাকিব পাৰে। জাতি, মাতি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাগজৰী হাতত লোৱা ৰাজ্য চৰকাৰ খনৰ উক্ত ভূমিকা অসমীয়া জাতিৰ বাবে নিশ্চিতভাৱেই দুৰ্ভাগ্যজনক। চৰকাৰৰ নিৰৱ ভূমিকাই বহু বিতৰ্কিত বঙালী সম্প্ৰসাৰণবাদী ব্যক্তি প্ৰদীপ দত্ত ৰয়ৰ সতে যে চৰকাৰৰ বৰঘৰৰ গোপন বুজাবুজি আছে সেইকথাহে ফটফটীয়া হৈ পৰে। প্ৰকৃতাৰ্থত যদি ৰাজ্য চৰকাৰৰ প্ৰদীপ দত্ত ৰয়ৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক অৰ্থবা বুজাপৰা নাই তেন্তে অনতি বিলম্বে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি অসমক বিভাজন কৰিব বিছৰা, অসমত ভাতৃঘাতী সংঘৰ্ষৰ প্ৰৰোচনামূলক মন্তব্য দি অহা প্ৰদীপ দত্ত ৰয়ক অনতি পলমে গ্ৰেপ্তাৰ কৰি দৃষ্টন্তমূলক শাস্তি দিয়ক।

Post a Comment

0 Comments